নিউজ ডেস্ক, ১০ মে’, ২০২৪ : অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা আহিল ভাল খবৰ। তিহাৰৰ জেলৰ (Tihar Jail) পৰা ওলাই অহাৰ পথ মুকলি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। অৱশ্যে ২ জুনত আদালতত পুনৰ আত্মসমৰ্পণ কৰিব লাগিব অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালৰ পৰা জামিন লাভ কৰি মুকলি আকাশৰ তলত আহি অৰবিন্দ কেজৰিৱালে লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ত প্ৰচাৰ চলাব পাৰিব।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰৰ বাবে ২১ দিনৰ বাবদ তিহাৰ জেলৰ বাহিৰত থাকিব। ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছে আদালতে। অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিলেও কিছুমান চৰ্তও আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে। অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিনত ২০২৪ চনৰ ১ জুনলৈকে মুকলি কৰি দিয়া হ’ব আৰু ২০২৪ চনৰ ২ জুনত পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আদালতত আত্মসমৰ্পণ কৰিব লাগিব।

আদালতে আৰোপ কৰা চৰ্ত সমূহ হৈছে, অৰবিন্দ কেজৰিৱালে জেল অধীক্ষকৰ সন্তুষ্টিৰ বাবে একে পৰিমাণৰ জামিনৰ সৈতে ৫০ টকাৰ জামিন বণ্ড প্ৰদান কৰিব লাগিব, অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু দিল্লী সচিবালয়লৈ যাব নোৱাৰিব, অৰবিন্দ কেজৰিৱালে কোনো ফাইলত স্বাক্ষৰ কৰিব নোৱাৰিব যদিহে লেফটেনেণ্ট গৱৰ্ণৰৰ অনুমোদনৰ প্ৰয়োজন নহয়, সুৰা নীতি কেলেংকাৰিত অৰবিন্দ কেজৰিৱালে নিজৰ ভূমিকা সন্দৰ্ভত কোনো মন্তব্য কৰিব নোৱাৰিব আৰু অৰবিন্দ কেজৰিৱালে কোনো সাক্ষীৰ লগত কথা পাতিব নোৱাৰিব।

অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ত ৫ জুন পৰ্যন্ত জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে ২ জুন পৰ্যন্ত অৰবিন্দ কেজৰিৱালক জামিন জামিন প্ৰদান কৰে। ১ জুনত পুনৰ অৰবিন্দ কেজৰিৱালে আদালতত
আত্মসমৰ্পণ কৰিব লাগিব। উল্লেখ্য যে যোৱা ২১ মাৰ্চত দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত ১ এপ্ৰিলত অৰবিন্দ কেজৰিৱালক
তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল। ইফালে অৰবিন্দ কেজৰিৱালৰ পত্নীয়ে অৰবিন্দ কেজৰিৱালৰ মুক্তিক লৈ সুখ প্ৰকাশ কৰি ইয়াক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আদালতৰ পৰা জামিন লাভ কৰাত উৎসাহিত হৈ পৰিছে আম আদমি পাৰ্টীৰ নেতা-কর্মী সকল। আম আদমি পাৰ্টীৰ কেইবাগৰকী নেতা ইতিমধ্যে তিহাৰ জেলত উপস্থিত হৈছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ হোৱাটো লোকসভা নিৰ্বাচনৰ মাজতে আম আদমি পাৰ্টীৰ বাবে বৃহৎ সকাহ। দলৰ শীৰ্ষ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১ জুনলৈকে উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে। ইডিয়ে আদালতত অন্তৱৰ্তীকালীন জামিনৰ বিৰোধিতা কৰিছিল যদিও ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে অৰবিন্দ কেজৰিৱালৰ সপক্ষে এই ৰায়দান দি অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। উল্লেখ্য যে ২৫ মে’ত দিল্লীত লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰাটো আম আদমি পাৰ্টীৰ বাবে এক ডাঙৰ সকাহতকৈ কম নহয়।