কাছাৰ, ১১ মে’, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে লাভ কৰিছে দুটাকৈ বৃহৎ সাফল্য। পৃথকে পৃথকে দুটা ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত কেইবা কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ। আটক কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰে নিশাৰ ভাগত কাছাৰৰ ধলাই আৰু শিলডুবিত কাছাৰ আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। নিশা ধলাইৰ চান্নিঘাটত অভিযান চলাই আৰক্ষীয়ে ৫৫ টা হেৰ’ইন ভৰ্তি পেকেটসহ তমিজুৰ ৰহমান লস্কৰ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। জব্দকৃত হেৰ’ইনখিনিৰ ওজন ৭০০ গ্ৰহণ বুলি আৰক্ষীয়ে জনাবলৈ দিয়ে।

আনহাতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী তমিজুৰ ৰহমান লস্কৰ ধলাইৰ ৰাজগোবিন্দপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইফালে, নিশাই কাছাৰ আৰক্ষীয়ে শিলডুবি অঞ্চলত অঞ্চলত অভিযান চলাই ৪১ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। জব্দকৃত হেৰ’ইনখিনিৰ ওজন ৫০০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে কবীৰ আহমেদ বৰভূঞা আৰু ৰাজীৱ উদ্দিন লস্কৰ। কাছাৰ আৰক্ষীয়ে পৃথকে পৃথকে দুটা অভিযান চলাই জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য কেইবা কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

আৰক্ষীয়ে তদন্তত পোহৰলৈ আহিছে যে ড্ৰাগছ সৰবৰাহকাৰী কেইজনে এই বুজন পৰিমাণৰ হেৰ’ইনখিনি অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল। কাছাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত পৃথকে পৃথকে অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইখিনি জব্দ কৰাৰ লগতে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে বিগত সময়ছোৱাত কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও সফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। শুকুৰবাৰে নিশাৰ ভাগত আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী কাছাৰ আৰক্ষীৰ জালত পৰে।