মানকাচৰ : ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ সুৰক্ষা, নিৰাপত্তা আৰু সামাজিক উন্নয়নৰ বাবে সাংস্কৃতিক আৰু অৰাজনৈতিক সন্থা সীমান্ত চেতনা মঞ্চই সময়ে সময়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ উদ্যোগত অহা ২৫ আৰু ২৬ মাৰ্চত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত ৰাজ্যিক পৰ্যায়ত প্ৰথম ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ’ব।

ৰাজ্যত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই সীমান্ত ক্ৰীড়া মহোৎসৱৰ বাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয় খেলুৱৈ বাছনি প্ৰতিযোগিতা মহোৎসৱ। সীমান্ত চেতনা মঞ্চৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বাছনি প্ৰতিযোগিতা মহোৎসৱখনৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত উপায়ুক্ত মনিন্দ্ৰ বৰদলৈ।

এই অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক শুকুৰ আলীৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সীমান্তবৰ্তী অঞ্চলৰ নৱ প্ৰজন্মৰ খেলুৱৈ সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয়। সীমান্ত ক্ৰীড়া মহোৎসৱৰ জৰিয়তে জিলাখনৰ পৰা বিভিন্ন খেলৰ খেলুৱৈ বাছনি কৰা হ’ব।

সোমবাৰলৈ চলিবলগীয়া এই মহোৎসৱৰ জৰিয়তে বাছনি হোৱা খেলুৱৈ সকল অহা ২৫, ২৬ আৰু ২৭ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ মহোৎসৱত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ।আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী মুঠ ৯ খন জিলাৰ খেলুৱৈ সকলক লৈ ৰাজ্যিক পৰ্যায়ত ৰাজ্যত প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ’ব।

এই সীমান্ত ক্ৰীড়া মহোৎসৱ অংশগ্ৰহণ কৰা জিলা কেইখন হৈছে ক্ৰমে দক্ষিণ শালমাৰা-মানকাচৰ, কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা, তামুলপূৰ, কাছাৰ, ধুবুৰী আৰু কৰিমগঞ্জ। সীমান্তবৰ্তী খেলুৱৈ সকলক লৈ অনুষ্ঠিত কৰা এই ক্ৰীড়া মহোৎসৱৰ দ্বাৰা খেলুৱৈ সকলে নিজৰ প্ৰতিভা প্রদর্শন কৰিবলৈ এক মঞ্চ লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।