মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ আশা কৰ্মী সকলক লৈ আশা অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ উদ্ধোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

দিনজোৰা কাৰ্যসূচীত জিলাখনৰ ৩৪৯ গৰাকী আশাকৰ্মীক লৈ গজাৰীকান্দি স্বাস্থ্য কেন্দ্ৰত আশা অভিৱৰ্তন অনুষ্ঠিত হয়। এই আশা অভিৱৰ্তন অনুষ্ঠানত জৰিয়তে জিলাখনৰ ৬ গৰাকী আশাকৰ্মীক ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ আশা কৰ্মীৰ বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। আশা কৰ্মী কেইজন ক্ৰমে স্বাগী বেওৱা, নুৰ ভানু নেচা, হেলেনা বেওৱা, আনিছা বেগম আৰু ছায়া ৰাণী।

এই অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ছাইফুল ইছলাম উপস্থিত থাকি সভাপতিত্ব কৰে। আশা অভিৱৰ্তন কাৰ্যসূচীত হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া বিভাষ মেধি মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা কাৰ্যবাহী দণ্ডাধীশ হিয়া মেধী, জিলা টীকাকৰন বিষয়া ডাঃ ছিৰাজুল ইছলাম, ডাঃ ছাঁদ্রুল হক খন্ধকাৰ।