যোৰহাট, নৱেম্বৰ ২: জনসাধাৰণৰ হিতাৰ্থে ৰাজ্যৰ সৰ্বপ্ৰথম তথা একমাত্ৰ ই ফৰ্মাচী এপ্ ই দৰব আজি যোৰহাট প্ৰেছ ক্লাবত উন্মোচন হয়৷ এই দৰব এপচ্ ডাওন ল’ড কৰি যি কোনো ব্যক্তিয়ে এতিয়াৰ পৰা ঘৰৰ পৰাই যি কোনো দৰৱ ক্ৰয় কৰিব পাৰিব৷ প্ৰায় ৫৫০০০ দৰব উপলব্ধ থাকিব বুলি উন্মোচনী অনুষ্ঠানত উল্লেখ কৰে৷ এপচটোৰ প্ৰতিষ্ঠাপক তথা চি ই অ’ প্ৰান্দীপ বৰাইলগতে এই এপচ্ টোৰ জৰিয়তে গ্ৰাহকসকলৰ বাবে ডক্টৰচ্ এপইন্টমেন্ট, লেব টেষ্টো উপলব্ধ থাকিব৷ আনহাতে এপচ্ টোৰ জড়িয়তে হোমিঅ’ পেথি, এলোপেথি, আয়ুৰবেদিকৰ লগতে অসমীয়া দৰৱো ক্ৰয় কৰিব পাৰিব৷ উন্মোচনী অনুষ্ঠানত প্ৰতিষ্ঠাপক প্ৰান্দীপ বৰা, প্ৰণব দত্ত, বিপুল নাইডু, গৌতম কুমাৰ বৰা উপস্থিত থাকে৷