ৰঙিয়া, নৱেন্বৰ২: ৰঙিয়াৰ বৰদলত পুঠিমাৰী নৈৰ ওপৰত পাঁচখন গাঁৱৰ ৰাইজে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলংখন৷ বৃহস্পতিবাৰে পাঁচখন গাঁৱৰ ৰাইজ ছাত্ৰ-ছাত্ৰী ওলাই আহিল দলং নিৰ্মান কৰিবলৈ৷ বিগত কেইবাবছৰে যাতায়তৰ নামত দুৰ্ভোগ ভূগি আহিছিল কলমণি, মধুকুছি, দীপ্তেশ্বৰী, বৰদল আদি বহুকেইখন গাঁৱৰ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে৷ বাৰম্বাৰ জনপ্ৰতিনিধিক আবেদন নিবেদন কৰিও কোনো সুফল নাপালে গাঁওকেইখনৰ ৰাইজে৷ পৰিৱৰ্তনৰ বৰ বৰ কথা কৈ গাডী দখল কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ৷ কমলপুৰ সমষ্টিৰ ৰাইজে ৰাইজে পুঠিমাৰী নৈৰ ওপৰত থকা এই দলংখন নিৰ্মাণ কৰি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ৷ উত্তাল হৈ পৰিল পৰিৱেশ৷ অতি বিপজ্জনকভাৱে এবুকু পানীত নামি ৰাইজ ব্যস্ত হৈ পৰিল দলং নিৰ্মাণত৷