উত্তৰ শালমাৰা, নৱেম্বৰ ৩: বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অঞ্চলে অঞ্চলে ভেজাল কৰি পেট্ৰল হিচাপে প্ৰস্তুত কৰিছে কম মূল্যৰ ইন্ধন৷ এই ইন্ধনৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলি একাংশ লোকে লাখ লাখ টকাৰ মুনাফা লুটি অহাৰ তথ্য পোহৰলৈ আহিছে৷ জানিব পৰামতে, চি-৭ নামৰ এবিধ ইন্ধন এচাম কলা ব্যৱসায়ীয়ে কম মূল্যতে চোৰাংভাৱে কিনি আনি মহকুমাটোৰ কেতবোৰ স্থানত থকা গোপন ঘাটিত মজুত কৰে৷ তাৰ পিছত এবিধ বিশেষ ধৰণৰ পাউদাৰ মিহলি কৰাৰ পিছতে এনে ইন্ধনবিধে পেট্ৰলৰ ৰং লয়৷ পিছত মহকুমাটোৰ সদৰ অভয়াপুৰীকে ধৰি লালমাটি, মালেগড়, গণেশপুৰ, দুৰামাৰী, লতিবৰী, হৰিপুৰ কুশবাৰী, বৰজানা, বাতাবাৰী, পিৰাধৰা, খোৰাগাঁও, কলবাৰী, আমগুৰী, লেংটিছিঙা, ৰঙাপানী,সৃজনগ্ৰাম, বৰঘোলা, টাপাট্টাৰী আদি অঞ্চলত খুচুৰা ব্যৱসায়ীৰ ওচৰত কম মূল্যৰ এই ইন্ধনবিধ বিক্ৰী কৰে৷ স্থানীয় সূত্ৰে জানিবলৈ দিয়া মতে, এনে ইন্ধনবিধ খুচুৰা ব্যৱসায়ীৰ ওচৰত ৫৫ ৰ পৰা ৬০ টকাকৈ প্ৰতি লিটাৰত বিক্ৰী কৰাৰ পিছত খুচুৰা ব্যৱসায়ীয়ে ৮০ টকা পৰ্য্যন্ত দৰত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি আহিছে৷ অঞ্চলে অঞ্চলে মুকলিভাৱে চি-৭ নামৰ ইন্ধনবিধ পেট্ৰল হিচাপে বিক্ৰী কৰি লাখ লাখ টকাৰ ব্যৱসায় চলাই অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰামতে এনে ইন্ধনৰ প্ৰতি লিটাৰ মূল্য ৩৮ টকাৰ পৰা ৪০ টকা হোৱাৰ পিছতো ৰং সানি পেট্ৰল হিচাপে প্ৰতি লিটাৰ ৮০ টকা পযৰ্ন্ত মুকলি বজাৰত বিক্ৰী হোৱাত প্ৰতিদিনে ক’লা ব্যৱসায়ীয়ে লাখ লাখ টকা উৰ্পাজন কৰি আহিছে৷ বিশেষ সূত্ৰে জানিব পৰামতে সমগ্ৰ ক’লা ব্যৱসায়ৰ গুৰিবঠা ধৰিছে ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দুই ব্যৱসায়ীয়ে৷ প্ৰাপ্ত তথ্যমতে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জনৈক বাদশ্বাহ আৰু গোৱালপাৰা জিলাৰ মুন্সিয়ে এনে ইন্ধন মহকুমাটোলৈ সৰবৰাহ কৰি আহিছে৷ দুই ব্যৱসায়ীয়ে বিশেষকৈ মহকুমাটোৰ গ্ৰাম্য পথ ব্যৱহাৰ কৰা অভয়াপুৰী নিকটৱৰ্তী কেতবোৰ স্থানত একাংশ ব্যৱসায়ীৰ ওচৰত উক্ত ইন্ধনবিধ পাইকাৰী হিচাপত বিক্ৰী কৰে৷ বিশেষ সূত্ৰে জানিব পৰামতে অভয়াপুৰীৰ নিকটৱৰ্তী হীৰাপাৰাৰ জনৈক জয়নালৰ লগতে মধ্য আমগুৰি,পশ্চিম আমগুৰি, হৰিপুৰ আদিৰ লগতে মহকুমাটোৰ আন আন অঞ্চলতো এনে ভেজাল ইন্ধনৰ অবৈধ ঘাটি স্থাপন কৰিছে৷ উক্ত ঘাটিবোৰত দৈনিক হাজাৰ হাজাৰ লিটাৰ চি-৭ নামৰ ইন্ধনত ৰং সানি পেট্ৰল হিচাপে প্ৰস্তুত কৰি আহিছে৷ সূত্ৰটোৱে আকৌ জানিবলৈ দিয়ামতে, উক্ত ঘাটিবোৰৰ পৰা দৈনিক সৰবৰাহ হৈ আহিছে আন আন অঞ্চললৈ৷ মহকুমাটোৰ  বিভিন্ন বাট-পথত চলাচল কৰা গৰিষ্ঠ সংখ্যক যান-বাহনত বৈধ তেল ডিপোৰ সলনি এনে ভেজাল তেলৰ ওপৰত নিৰ্ভৰশীল৷ এনে অৱস্থাত নিম্ন মানদণ্ডৰ ভেজাল পেট্ৰল যান বাহনত ব্যৱহাৰ কৰাৰ ফলত যান-বাহনত মাইলেজ কম দেখুওৱাৰ লগতে যানবাহনৰ স্থায়ীত্ব বহু পৰিমাণে কমি আহিছে৷ সূত্ৰটোৱে জানিবলৈ দিয়া মতে,  এনে ইন্ধন কঢ়িয়াবলৈ টাটা মোবাইল জাতীয় সৰু বাহন ব্যৱহাৰ কৰি আহিছে৷ এনেদৰে অবৈধভাৱে গ্ৰাহকক ৰামঠগন দি ভেজাল পেট্ৰলৰ ৰমৰমীয়া ব্যৱসায় চলি অহাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এনে ভেজাল ইন্ধনৰ অবৈধ ঘাটি তথা ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷