গুৱাহাটী : অসমৰ চাৰিখনকৈ (Four District) জিলাক বিলুপ্ত কৰা হ’ল। তামুলপুৰ, হোজাই, বজালী আৰু বিশ্বনাথ জিলাক বিলুপ্ত কৰা হ’ল। বক্সা জিলাৰ লগত তামুলপুৰ, নগাঁও জিলাৰ লগত হোজাই, বৰপেটা জিলাৰ লগত বজালী আৰু শোণিতপুৰ জিলাৰ লগত বিশ্বনাথক সংলগ্ন।

শনিবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকত অসমৰ চাৰিখনকৈ জিলাৰ বিলুপ্তি ঘটোৱা হয়। নতুন দিল্লীত কেবিনেট বৈঠকৰ পিছত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা চাৰিখনৰ বিলুপ্তিৰ ঘোষণা কৰে। বিলুপ্তি ঘটোৱা জিলা চাৰিখন হৈছে তামুলপুৰ, হোজাই, বজালী আৰু বিশ্বনাথ জিলা।

জিলা চাৰিখনক অনা জিলাৰ লগত সংলগ্ন কৰা হয়। বক্সা জিলাৰ লগত তামুলপুৰ জিলাক সংলগ্ন, নগাঁও জিলাৰ লগত হোজাই জিলাক সংলগ্ন, বৰপেটা জিলাৰ লগত বজালী জিলাক সংলগ্ন আৰু শোণিতপুৰ জিলাৰ লগত বিশ্বনাথ জিলাক সংলগ্ন কৰা বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আনহাতে উত্তৰ গুৱাহাটীক কামৰূপ মহানগৰ জিলাৰ লগত সংলগ্ন কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

এই চাৰিখন জিলাক অন্য জিলাৰ লগত সংলগ্ন কৰাত অসমৰ জিলাৰ সংখ্যা ৩৫ ৰ পৰা ৩১ খনলৈ হ্ৰাস পালে। ইফালে অসমৰ চাৰিখন জিলাৰ বিলুপ্তিকৰণৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে কয় যে উক্ত সিদ্ধান্তৰে জিলাকেইখনৰ জনসাধাৰণক প্ৰতাৰণা কৰিছে অসমৰ বিজেপি চৰকাৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত উক্ত জিলাকেইখনৰ উন্নয়নৰ নানান আশ্বাস দি আহিছে। বিগত ২০২১ চনৰ বিধান সভা নিৰ্বাচন আৰু বি টি এ ডিৰ নিৰ্বাচনৰ সময়ত তামুলপুৰ জিলা ঘোষণা আৰু উন্নয়নৰ প্ৰসংগতে বিজেপিৰ বাবে সেই অঞ্চলৰ ৰাইজৰ ভোট লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি কয় দলটোৰ নেতা দুজনে। জিলা বিলুপ্তিকৰণৰ সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ অসম জাতীয় পৰিষদে দাবী জনায়।