শিৱসাগৰ : থানাৰ ভিতৰতে এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ। এগৰাকী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। অসম আৰক্ষীৰ (Assam Police) এগৰাকী উপ পৰিদৰ্শকে বিৰুদ্ধে থানাৰ ভিতৰতে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। নিৰ্যাতনৰ বলি হোৱা নাৰীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপে। কিন্ত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপা নাৰী কিমান সুৰক্ষিত ? আৰক্ষীৰ হাততে যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে এগৰাকী যুৱতী। অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ বিৰুদ্ধে এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকৰ হাতত এগৰাকী যুৱতী যৌন নিৰ্যাতনৰ বলি হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। থানাৰ ভিতৰতে যুৱতী গৰাকী উপ পৰিদৰ্শকৰ যৌন নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে শিৱসাগৰত।

শিৱসাগৰ সদৰ থানাৰ ভিতৰতে এগৰাকী যুৱতীক উপ পৰিদৰ্শক ৰিপজ্যোতি দলে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী যুৱতী গৰাকীয়ে ইতিমধ্যে ৰিপজ্যোতি দলেৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

ভুক্তভোগী যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ৪৩৫/২২ নম্বৰত আইপিচি ৩৫৪/৩৫৪ (এ) ধাৰাত গোচৰ ৰুজু কৰি শিৱসাগৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰিপজ্যোতি দলেক গ্ৰেপ্তাৰ কৰা হৈছে। ৰিপজ্যোতি দলেক ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।