যোৰহাট : বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন। বৰদিন উদযাপনকৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো বৰদিন উদযাপনকলৈ তৎপৰ হৈ পৰিছে নাগালেণ্ডবাসী। নাগালেণ্ডত কুকুৰৰ মাংস চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰ সৰবৰাহকাৰী সকল অধিক সক্ৰিয় হৈ পৰিছে।

অসমৰ কুকুৰ সৰবৰাহকাৰী সকল ইতিমধ্যে আৰম্ভ কৰিছে নাগালেণ্ডলৈ কুকুৰ সৰবৰাহ। যোৰহাট আৰক্ষীয়ে এক বৃহৎ কুকুৰ সৰবৰাহকাৰীৰ চক্ৰ উৎখাত কৰি ২৪ টাকৈ কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এক গোপন খবৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে জিলাখনৰ উপকন্ঠৰ পৰা উৎখাত কৰিছে এটা কুকুৰ সৰৱৰাহৰ কুখ্যাত চক্ৰ।

উত্তৰ পশ্চিম যোৰহাটৰ চৌগুৰিৰ পৰা বুধবাৰে নিশা উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ বান্ধি থোৱা অৱস্থাত ২৪ টা কুকুৰ উদ্ধাৰ কৰিছে। বিভিন্ন লোকৰ পোহনীয়া কুকুৰ তথা পথৰ কুকুৰবোৰ চুৰি কৰি নাগালেণ্ডলৈ বিক্ৰী কৰা চক্ৰটোৰ দকুৰ দলে নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে নাগালেণ্ডৰ বিভিন্ন অঞ্চললৈ চুৰি কৰা কুকুৰ সৰৱৰাহৰ ব্যৱসায় চলাই থকা এই চক্ৰটোৱে একোটা কুকুৰ বিক্ৰী কৰে ২,০০০ পৰা ২,৫০০ টকাত। চুৰি কৰি নিয়া কুকুৰ কেইটাক অতি নিৰ্দয়ভাৱে ঠেঙ বান্ধি বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে এটা গড়ালৰ পৰা উদ্ধাৰ কৰিছে। যোৰহাটৰ স্থানীয় বেচৰকাৰী সন্থা এটাৰ লগতে পশু চিকিৎসকৰ দল এটা কুকুৰ কেইটাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে।