গুৱাহাটী : ৰাজ্য চৰকাৰৰ শিক্ষা বিভগে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপা আৰু বিতৰণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ (Assam Jatia Parishad)৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, যি সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত মাতৃভাষা তথা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানত গুৰুত্ব দিছে, তেনে সময়ত অসম চৰকাৰে মাতৃভাষা শিক্ষাৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক৷

এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে অসম জাতীয় পৰিষদে৷ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অহা ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগা নতুন শিক্ষা বৰ্ষত মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান ইংৰাজী ভাষাতে কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ইতিপূৰ্বে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ প্ৰায়কেইটা ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন তথা শিক্ষক সংগঠনসমূহে তাৰ তীব্ৰ বিৰোধিতা কৰিছিল৷

সকলো বিৰোধিতাক আওকান কৰি শিক্ষা বিভাগে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাতে প্ৰণয়ন আৰু মুদ্ৰণ কৰি ইতিমধ্যে চৰকাৰী বিদ্যালয়সমূহত বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও দলটোৱে ক্ষোভ প্ৰকাশ কৰে৷ অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ উক্ত পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা পত্ৰখনত দলটোৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত পাঠ্যক্ৰমৰ মাধ্যম হিচাপে মাতৃভাষাক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷

মাতৃভাষাত শিক্ষা প্ৰদান কৰাটো ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিপুষ্টি সাধনৰ উৎকৃষ্ট উপায় বুলি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা মঞ্চত বহুবাৰ প্ৰকাশ কৰিছে৷ সেই কাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষা কিম্বা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এনে স্পষ্ট নীতি থকাৰ পিছতো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ ভাৰৰ প্ৰধানমন্ত্ৰীক আহ্বান জনায়৷