নিউজ ডেস্ক : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৩ ছিজন আৰম্ভ হয় গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত। নতুন ছিজন আৰম্ভ কৰি গুজৰাট টাইটানছৰ দলটোৱে চেন্নাইৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ কৰি পইণ্ট টেবুলত নিজৰ একাউণ্ট খুলিবলৈ সক্ষম হয়। গুজৰাটৰ হৈ শুবমান গীলে ৬৩ ৰাণ, বিজয় শংকৰে ২৭ ৰাণ আৰু ৰাছিদ খানে ১০ ৰাণ সংগ্ৰহ কৰে।

শুবমান গীলৰ ৬৩ ৰাণ আৰু বিজয় শংকৰৰ ২৭ ৰাণৰ ইনিংছটো গুজৰাট টাইটানছ দলটোৰ জয়ৰ বাবে আছিল অতিকৈ গুৰুত্বপূৰ্ণ। চেন্নাই ছুপাৰ কিংছে বান্ধি দিয়া ১৭৯ ৰাণৰ লক্ষ্যত উপনীত হ’বলৈ গুজৰাট টাইটানছ দলৰ হৈ খেলপথাৰত নামে শুবমান গীল আৰু বৃদ্ধিমান সাহাৰ উদ্বোধনী যুটি। প্ৰথম উইকেটৰ বাবে দুয়ো ৩৭ ৰাণ সংগ্ৰহ কৰে। য’ত বৃদ্ধিমান সাহাই ১৬ টা বলত ২৫ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। ইয়াৰ পিছতে ছাই সুদৰ্শনৰ আৰু শুবমান গীলে দ্বিতীয় উইকেটৰ বাবে ৫৩ ৰাণ সংগ্ৰহ কৰি দলৰ স্থিতি সম্পূৰ্ণৰূপে সুদৃঢ় কৰাৰ কাম কৰে।

গুজৰাট টাইটানছ দলৰ দ্বিতীয়টো আঘাতৰ ৰূপত ২২ ৰাণৰ ইনিংছ খেলি পেভিলিয়নলৈ উভতি যায় ছাই সুদৰ্শন। ইয়াৰ পিছতে অধিনায়ক হাৰ্দিক পাণ্ডিয়াই খেলপথাৰলৈ আহি শুবমান গীলক সহযোগ আগবঢ়াই আক্ৰমণাত্মকভাৱে বেটিং কৰি স্ক’ৰবৰ্ডৰ গতি বৃদ্ধি কৰাৰ চেষ্টা কৰে যদিও মাত্ৰ ৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। একে সময়তে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰি ৩৬ টা বলত ৬৩ ৰানৰ ইনিংছ খেলি পেভিলিয়নলৈ উভতি যায় শুবমান গীল। শেষৰ ৩ অভাৰত গুজৰাট দলটোক জয়ী হ’বলৈ ৩০ ৰাণৰ প্ৰয়োজন হোৱাত বেটিং কৰিবলৈ আহে বিজয় শংকৰ।

বিজয় শংকৰে দ্ৰুত গতিত ৰাণ সংগ্ৰহ কৰাৰ চেষ্টা কৰে যদিও ২১ টা বলত ২৭ ৰাণৰ ইনিংছ খেলি আউট হয়। ইয়াৰ পিছতে খেলপথাৰলৈ অহা ৰাছিদ খানে ছয় আৰু চাৰিৰে খেলখন সম্পূৰ্ণৰূপে গুজৰাটৰ ফালে ঘূৰাই দিয়ে। ৰাছিদ খানে ৩ টা বলত ১০ ৰাণৰ ইনিংছ খেলে।
চেন্নাই ছুপাৰ কিংছৰ হৈ এই খেলখনত ৰাজবৰ্ধন হেঙাগেকাৰে ৩ টা উইকেট দখল কৰাৰ বিপৰীতে তুষাৰ দেশপাণ্ডে আৰু ৰবীন্দ্ৰ জাদেজাই ১ টাকৈ উইকেট দখল কৰে।

ইফালে প্ৰথমে বেটিং কৰা চেন্নাইৰ দলটোৰ ১৭৯ ৰাণৰ লক্ষাটো সম্ভৱ হৈছিল ঋতুৰাজৰ গাইকৱাদৰ বেটিং শক্তিৰ বাবে। ৫০ টা বলত ৯২ ৰান সংগ্ৰহ কৰি দলটোক বিশাল স্ক’ৰলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ঋতুৰাজৰ গাইকৱাদৰ ৯২ ৰাণৰ ইনিংছটোত আছিল ৪ টা ছয় আৰু ৯ টা চাৰি। মইন আলীৰ ২৩ ৰাণৰ ইনিংছটো আছিল চেন্নাইৰ দ্বিতীয় সৰ্বাধিক স্ক’ৰ। প্ৰথম মেচখনত গুজৰাট টাইটানছৰ বলিঙৰ শক্তি আছিল ৰাছিদ খান। ৪ অভাৰত মাত্ৰ ২৬ ৰাণ খৰচ কৰি ৰাছিদ খানে দখল কৰে ২ উইকেট