নিউজ ডেস্ক : প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী বিচৰা বিষয়া সন্দৰ্ভত শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ে এক ৰায়দান প্ৰদান কৰে। কেন্দ্ৰীয় তথ্য আয়োগে গুজৰাট বিশ্ববিদ্যালক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক (Arvind Kejriwal) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ দিয়া নিৰ্দেশক বাতিল কৰিছে উচ্চ ন্যায়ালয়ে।

গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী বিচৰা বিষয়ত ৰায়দান প্ৰদান কৰাৰ সময়তে কয় যে পিএমঅ’ই তেওঁৰ স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ দিয়াটো বাধ্যতামূলক নহয়।ন্যায়াধীশ বীৰেন বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁৰ স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ দিব নালাগে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছে আদালতে। প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী প্ৰমাণ পত্ৰৰ সবিশেষ বিচাৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইট কৰি কয় “দেশৰ প্ৰধানমন্ত্ৰীয়ে কিমান পঢ়িছে সেই কথা জানিবলৈও দেশবাসীৰ অধিকাৰ নাই নেকি? আদালতত তেওঁলোকে ডিগ্ৰী দেখুওৱাৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিয়? আৰু ডিগ্ৰী চাবলৈ দাবী কৰা সকলক জৰিমনা বিহা হ’ব? এইটো কি হৈ আছে? নিৰক্ষৰ বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে অতি বিপদজনক।”

উল্লেখ্য যে গুজৰাট বিশ্ববিদ্যালয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি আৰ টি আই আইনৰ অধীনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ তথ্য প্ৰদানৰ নিৰ্দেশ বাতিল কৰিবলৈ অনুৰোধ জনাইছিল। ২০১৬ চনৰ এপ্ৰিল মাহত তেতিয়াৰ চিআইচি এম শ্ৰীধৰ আচাৰ্যুলুৱে দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া ডিগ্ৰীৰ বিষয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অৱগত কৰিবলৈ নিৰ্দেশ দিছিল।

তিনিমাহৰ পিছত গুজৰাট উচ্চ ন্যায়ালয়ে চিআইচিৰ নিৰ্দেশ স্থগিত ৰাখি বিশ্ববিদ্যালয়খনে এই নিৰ্দেশৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে গুজৰাটৰ চুৰটৰ আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা এক অপৰাধমূলক মানহানিৰ গোচৰৰ শুনানিত ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল। এই ৰায়দানৰ পিছতে ৰাহুল গান্ধীৰ সংসদ পদ খাৰিজ কৰা হৈছিল।