গুৱাহাটী : অসম জাতীয় পৰিষদে (AJP) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুলৱামা আৰু দুৰ্নীতি সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যপাল সত্যপাল মালিকে উত্থাপন কৰা অতি গুৰুত্বপূৰ্ণ অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীৰ মৌনতাই দেশৰ সেনা বাহিনীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আপোচ কৰিছিল বুলি পতিয়ন যাবলৈ দেশবাসীক বাধ্য কৰিব৷ আজি এখন সংবাদ মেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামা ঘটনাৰ চাৰি বছৰৰ মূৰত দেশবাসীৰ আগত ভাৰতীয় জোৱানৰ ওপৰত মাৰাত্মক আক্ৰমণ চলোৱাৰ আঁৰৰ কাহিনী সদৰি কৰা কাৰ্যই দেশবাসীক স্তম্ভিত কৰি তুলিছে৷ ৰাজ্যপালগৰাকীয়ে দ্বিধাহীন ভাষাত প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ ভুলৰ বাবে ৪০ জনকৈ চি আৰ পি এফ জোৱানে প্ৰাণ বিসৰ্জন দিব লগা হৈছিল৷ গোটেই ঘটনাটোৰ বেলিকা প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় উপদেষ্টা অজিত ডোভালে ৰাজ্যপালগৰাকীক ‘চুপ থাকিবলৈ’ কোৱা কথাটোৱে দেশখনত অতি অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে মৌনতা পৰিহাৰ কৰিলেহে কথাবোৰ অধিক স্পষ্টতৰ হ’ব৷ এই ক্ষেত্ৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰো ভূমিকা সন্দেহৰ উদ্ধৰ্ত নহয় বুলি কয় অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷ জাতীয় পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে পুলৱামাৰ ঘটনাত মৃত্যু হোৱা ৪০ গৰাকী নিৰাপত্তাৰক্ষী জোৱানৰ জীৱনৰ সৈতে আপোচ কৰি বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচন খেলিছে আৰু জিকিছে৷ তেওঁ কয় যে, প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামাৰ ঘটনাৰ ক্ষেত্ৰত নিৰাপত্তামূলক ব্যৱস্থাবোৰ কেনেকৈ শিথিল কৰা হৈছিল তাৰ সবিশেষ দাঙি ধৰিছে৷ সকলো কথাই পতিয়ন নিয়াই যে ক’ৰবাত জোৱানৰ নিৰাপত্তাৰ বেলিকা আপোচ কৰা হৈছিল৷ এই দায়িত্ব প্ৰধানমন্ত্ৰীয়ে মূৰ পাতি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই৷ সত্যপাল মালিকে অভিযোগসমূহ উত্থাপন কৰাৰ কেইবাদিনৰ পিছতো আজিলৈকে প্ৰধানমন্ত্ৰীয়ে কোনো উত্তৰ নিদিয়া বাবে সন্দেহ দিনক দিনে ঘনীভূত হ’ব ধৰিছে৷ অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীক আৰু অধিক পলম নকৰিবলৈ আহ্বান জনাইছে৷ অন্যথা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ গোটেই শাসন ব্যৱস্থাটোৰ ওপৰতে জনসাধাৰণে আস্থা হেৰুৱাব৷

সত্যপাল মালিকে দাঙি ধৰা আন এটা দিশৰ ওপৰত মন্তব্য কৰি জগদীশ ভূঞাই কয় যে সত্যপাল।মালিক গোৱাৰ ৰাজ্যপাল হৈ থাকোঁতে দুৰ্নীতিৰ কাৰ্যকলাপত বাধা দিছিল আৰু সেইবাবেই সত্যপাল মালিকক মাত্ৰ এসপ্তাহমানৰ মূৰতে গোৱাৰ পৰা অপসাৰণ কৰিছিল৷ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোঁতে দুখন ডাঙৰ আঁচনি অনুমোদন জনাবলৈ আৰএছএছৰ এজন উচ্ছপদস্থ কৰ্মকৰ্তাই সত্যপাল মালিকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল৷ দুয়োখন আঁচনিৰ অনুমোদন কৰাৰ লগত তিনিশ কোটি টকা অবৈধভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কৰ্মকৰ্তাগৰাকীয়ে দিছিল৷ আচৰিতভাৱে সত্যপাল মালিকে অনুমোদন নজনোৱা আঁচনি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদিত হৈছিল৷ সত্যপাল মালিকে অকপটে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতিৰ সকলো কথা জানি-শুনিও কোনো হকা-বাধা কৰা নাছিল৷ বৰঞ্চ কোন কোন ব্যক্তিয়ে অসাধু উপায়েৰে প্ৰধানমন্ত্ৰীৰ অনুগ্ৰহত ঠিকাবোৰ হস্তগত কৰিছিল সেই কথাও সত্যপাল মালিকে প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতি নিৰ্মূল কৰাৰ নামত বিৰোধী পক্ষক ই ডি আৰু চি বি আইৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ কিন্তু আম্বানি, আদানিকে ধৰি ঘনিষ্ঠসকলক প্ৰধানমন্ত্ৰীয়ে সকলো অপকৰ্মত লিপ্ত হৈ থাকিবলৈ সুযোগ দিছে৷ এইয়া সত্যপাল মালিকৰে অভিযোগ৷ অসম জাতীয় পৰিষদে দুৰ্নীতিৰ বিষয়তো দেশবাসীক সঁচা কথা ক’বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে৷ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰীয়ে নিজাববীয়াকৈ পূৰ্বৰ ৰাজ্যপালগৰাকীৰ অতি গুৰুত্বপূৰ্ণ অভিযোগৰ উত্তৰ নিদিলে উচ্ছতম ন্যায়ালয়ে নিজাববীয়াকৈ গোটেই বিষয়টো নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ বাবে হাতত লোৱা উচিত৷ উচ্চতম ন্যায়ালয়ৰ বাহিৰে আন কোনেও প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিবলৈ সাহস নকৰিব৷ সত্যপাল মালিকৰ অভিযোগসমূহৰ লগত জোৱানৰ নিৰাপত্তাৰ লগতে দেশৰ নিৰাপত্তা, অখণ্ডতা জড়িত হৈ আছে৷ বিশ্ববাসীয়ে জানিব যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ জোৱানৰ নিৰাপত্তাৰ বিষয়তো আপোচ কৰে৷ লগতে দুৰ্নীতিৰ বিষয়ত বিশ্ববাসীৰ আগত দেশৰ গৌৰৱো অধঃপতিত হ’ব৷ ইতিমধ্যে দেশত গণতান্ত্ৰিক মূল্যবোধ অৱনমিত হোৱাৰ কথা বিশ্ববাসীয়ে জানিবলৈ লৈছে৷ জনসাধাৰণৰ বাবে দেশৰ স্বাৰ্থ যি কোনো দলৰ আৰু যি কোনো ব্যক্তিৰ স্বাৰ্থতকৈ বহু উদ্ধৰ্ত বুলি অসম জাতীয় পৰিষদে বিশ্বাস কৰে৷

আনহাতে, ৰাষ্ট্ৰপতিৰ কাম-কাজত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে হস্তক্ষেপ কৰা বুলি সত্যপাল মালিকে কৰা অভিযোগ সন্দৰ্ভত জগদীশ ভূঞাই কয় যে ৰাষ্ট্ৰপতি হৈছে দেশৰ সাংবিধানিক মুৰব্বী আৰু নিজৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি স্বাধীন৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাষ্ট্ৰপতিৰ কাম-কাজত হস্তক্ষেপ কৰি ৰাষ্ট্ৰপতিৰ মর্যাদা লাঘৱ কৰিছে৷ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত যিসকল উপাচাৰ্য নিযুক্ত কৰা হৈছে সেই আটাইকেইগৰাকী সংঘৰ লগত সম্পৰ্ক থকা আৰু তেওঁলোকৰ কলেজৰ অধ্যক্ষ হোৱাৰো যোগ্যতা নাই বুলি সত্যপাল মালিকে কোৱা কথাখিনিলৈ আঙুলিয়াই দি জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে এইটো অতি গুৰুত্বপূৰ্ণ অভিযোগ আৰু ইয়াৰ তদন্ত হোৱা উচিত৷