গুৱাহাটী : উৎসৱৰ বতৰ চলি আছে, এটাৰ পিছত আনটো উৎসৱ। অসমীয়াৰ স্বভিমান হেঁপাহৰ ৰঙালী বিহুৰ (Rangali Bihu) আনন্দত সমগ্ৰ ৰাজ্যবাসী আত্মহাৰা হৈ থকাৰ মাজতে পদূলি মুখত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ (Eid)। ৰঙালী বিহু আৰু ঈদ মানেই নতুন কাপোৰ আৰু বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য। ৰাঙলী আৰু ঈদৰ পূৰ্বে কাপোৰ আৰু বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰ সমূহত ভিৰ কৰে ৰাইজে।

ৰঙালী বিহুৰ বজাৰ ইতিমধ্যে সমাপ্ত হৈছে যদিও ঈদৰ বজাৰ চলি আছে। ঈদৰ বজাৰ বুলি কলে প্ৰথমে মনলৈ আহে উত্তৰ পূবৰ ব্যৱসায়ীক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰৰ (Fancy Bazar) কথা। কাপোৰৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ খাদ্য সামগ্ৰীৰ বাবে ৰাইজে প্ৰথমে আহি ভৰি দিয়ে ফাঁচী বজাৰত। যোৱা দুই-তিনি বছৰ ক’ভিড মহামাৰীৰ বাবে ফাঁচী বজাৰত ঈদৰ বজাৰ কিছু সেমেকা আছিল যদিও এইবাৰ কিন্তু পৰিৱেশ সম্পূৰ্ণ সুকীয়া। এইবাৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই যিহেতু ৰাইজ মুকলি মনেৰে উদযাপন কৰিব ঈদ।

ফাঁচী বজাৰত বিৰ দি বাট নোপোৱা অৱস্থা। ঈদৰ বজাৰ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে ফাঁচী বজাৰত। কি কাপোৰৰ দোকানে, কি জোতা-চেণ্ডেলৰ দোকান, সকলোতে কেৱল মানুহ আৰু মানুহ। উৎকট গৰমে গুৱাহাটী মহানগৰবাসীক দহি থকা সময়তে উত্তৰ পূবৰ ব্যৱসায়ীক প্ৰাণ কেন্দ্ৰ ফাঁচী বজাৰৰ উষ্ণতা অধিক বৃদ্ধি কৰিছে ঈদৰ বজাৰৰ ভিৰে। এই গৰমকো নেওচি পছন্দৰ কাপোৰ বিচাৰি ইখনৰ পিছত সিখন দোকান ঘূৰি ফুৰিছে কি পুৰুষ কি মহিলা। ইয়াৰ মাজতে গ্ৰাহক সকলক অধিক জ্বলিছে মূল্যবৃদ্ধিয়ে।

ৰুচতানা বেগম নামৰ মহানগৰীৰ এগৰাকী মহিলাই ফাঁচি বজাৰত বজাৰ কৰিবলৈ আহি কয় “এইবছৰ ঈদকলৈ আমি বহুত উৎসাহী, যোৱা দুই-তিনি বছৰে ভালদৰে ঈদ উদযাপন কৰিব পৰা নাছিলোঁ, এইবাৰ ভালকৈ পাৰিম বুলি আশাবাদী। ঈদৰ বজাৰ কৰিবলৈ আহি কিন্তু মূৰৰ ওপৰত আকাশ ভাঙি পৰাৰ দৰে হৈছে, কাপোৰৰ ইমান দাম পূৰ্বে কেতিয়াও পোৱা নাই। ভাল কাপোৰ এজোৰ দুই হাজাৰৰ তলত নাই। ইমান দামত কাপোৰ কিনিব নোৱাৰি যদিও ইয়াৰ মাজতে মিলাই ল’ব লাগিব।” মূল্যবৃদ্ধিয়ে মাধমাৰ শোধালেও ঈদ উদযাপন কৰিবলৈ সকলো প্ৰস্তুত।

সুস্বাদু খাদ্য অবিহনে ঈদ উদযাপনৰ কল্পনা কৰিবই নোৱাৰি। কাপোৰৰ বজাৰৰ দৰেই ফাঁচি বজাৰৰ খাদ্য সামগ্ৰীৰ দোকান সমূহতো ভিৰ পৰিলক্ষিত হৈছে। বিশেষকৈ চেৱাইৰ দোকান সমূহত। ঈদৰ খাদ্যৰ তালিকাত যদি চেৱাই নাথাকে তেন্তে ঈদৰ খাদ্য অসম্পূৰ্ণ। ফাঁচি বজাৰৰ ফল মাৰ্কেটত থকা চেৱাইৰ দোকান সমূহৰ পৰা চেৱাই ক্ৰয় কৰিছে বহু লোকে। বগা, ৰঙা, হালধীয়া আদি বিভিন্ন ৰঙি চেৱাইৰ লগতে কেইবা প্ৰকাৰৰ শুকান ফালেৰে ভৰি পৰিছে ফাঁচি বজাৰৰ ফল মাৰ্কেট।

চেৱাই ক্ৰয় কৰিবলৈ অহা আজমেৰ হুছেইন নামৰ এজন লোকে কয় “পূৰ্বে আমি ঘৰতে চেৱাই বনাইছিলো। ঈদৰ এসপ্তাহ-দহদিন পূৰ্বৰ পৰাই আমি ঘৰতে মৈদাৰে চেৱাই বনাই শুকাই থৈছিলোঁ, ঈদৰ সময়ত হাতেৰে বনোৱা চেৱাই ৰান্ধি সকলোকে খাবলৈ দিছোঁলো। কষ্ট হৈছিল ঘৰতে চেৱাই বনাওঁতে। এতিয়া আৰু সেই সময় নাই, এতিয়া সকলো ৰেডী মেড হৈছে। হাতেৰে চেৱাই বনাই মানুহক খাবলৈ দি ঈদ উদ্যপানৰ যিটো মাদকতা সেইটো ৰেডী মেড চেৱাইত নাই।” উল্লেখ্য যে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে, ৰামাজ মাহ শেষ হোৱাৰ পিছ দিনাই ইছলাম ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰিব ঈদ।