মুম্বাই, ২১ জুন, ২০২৩ : আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ মাজতে বুধবাৰে (২১ জুন) অসম জাতীয় পৰিষদ দলৰ নেতৃবৃন্দই মহাৰাষ্ট্ৰৰ শিৱসেনা (Shivsena) দলৰ মুৰব্বী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে৷ মুম্বাইৰ দাদৰস্থিত শিৱসেনাৰ মুখ্যালয়ত মহাৰাষ্ট্ৰৰ শক্তিশালী ৰাজনৈতিক নেতাগৰাকী সাক্ষাৎ কৰে জাতীয় পৰিষদে৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অহা দলটোত আছিল সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি চমছেৰ সিং আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান৷ অসম জাতীয় পৰিষদৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা বিবৃতিত কোৱা হয় যে, জাতীয় পৰিষদৰ প্ৰতিনিধি দল এটাই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনা (থাকৰে)ৰ মুৰব্বী উদ্ধৱ থাকৰেৰ লগত মুম্বাইত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হৈ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিষদভাৱে আলোচনা কৰে৷ আলোচনাত বৰ্তমান আমাৰ দেশত বিজেপিয়ে সৃষ্টি কৰা অগণতান্ত্ৰিক পৰিৱেশ সম্পৰ্কেও বিষদভাৱে আলোচনা কৰা হয়।

দেশৰ যুক্তৰাষ্ট্ৰীয় মৰ্যদা সুৰক্ষিত কৰাৰ স্বাৰ্থত আঞ্চলিক ৰাজনৈতিক দলসমূহক অধিক শক্তিশালী কৰাৰ বাবেও ঐক্যমত পোষণ কৰা হয়।আঞ্চলিক বৈষম্য দূৰ কৰি ক্ষুদ্ৰ জাতিসত্বা সমূহৰ অধিকাৰ সুৰক্ষিত কৰি এক শক্তিশালী ভাৰত গঢ়াৰ স্বাৰ্থত শিৱসেনা আৰু অসম জাতীয় পৰিষদে একেলগে আগবঢ়াৰ বাবে ঐক্যমত পোষণ কৰে। আনহাতে, শিৱসেনাৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ ছাৱন্ত আৰু শিৱসেনা বিধায়িনী দলৰ উপ-দলপতি সুষমা আন্ধাৰেৰ উপস্থিতিত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে শিৱ সেনা এটা সময়ত বিজেপিৰ মিত্ৰ আছিল৷ কিন্তু বিজেপিৰ গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী তথা জনবিৰোধী কাৰ্য দেখি তেওঁলোকে বিজেপিৰ সংগ এৰি বিজেপিৰ বিৰুদ্ধে জনমত গঠনত আগভাগ লৈছে৷

দেশৰ এটা অন্যতম পুৰণি আঞ্চলিক ৰাজনৈতিক দল হিচাপে শিৱসেনাই গ্ৰহণ কৰা এই ভূমিকা তাৎপৰ্যপূৰ্ণ৷ অসম জাতীয় পৰিষদে দলটোক তাৰ বাবে অভিনন্দন জনায়৷ দেশৰ সংবিধানে আঞ্চলিকতাবাদ আৰু আঞ্চলিক ৰাজনীতিক স্বীকৃতি দিয়ে আৰু উৎসাহিত কৰে বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে যে দেশৰ প্ৰতিখন ৰাজ্যতে একো একোটা শক্তিশালী আঞ্চলিক দল আছে৷ দেশ গঠনত এই দলসমূহৰ প্ৰভুত বৰঙণিও আছে৷

উক্ত দলসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা স্থাপনৰ ক্ষেত্ৰত শিৱসেনাৰ দৰে পুৰণি, শক্তিশালী, বিজেপি বিৰোধী আঞ্চলিক দলে উদ্যোগ গ্ৰহণ কৰাৰ পূৰ্ণ সুযোগ আৰু সম্ভাৱনা আছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে তেনে প্ৰচেষ্টাত জাতীয় পৰিষদৰ সহযোগিতা সদায় থাকিব৷ শিৱসেনাৰ নেতাগৰাকীয়ে অদূৰ ভৱিষ্যতে অসম ভ্ৰমণ কৰাৰ ইচ্ছা ব্যক্ত কৰা বুলি সংবাদ মেলত শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেই প্ৰকাশ কৰে৷