নিউজ ডেস্ক, ২৪ জানুৱাৰী, ২০২৪ : এক ভয়ংকৰ ঘটনা। সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা। সতীৰ্থৰ ওপৰত নিৰ্বিচাৰ গুলী চালনা অসম ৰাইফলৰ জোৱানৰ। সতীৰ্থক গুলীয়াই আত্মহত্যা কৰাৰ চেষ্টা জোৱানজনৰ। আহত ৬ জনকৈ জোৱান (Six Assam Rifles Jawan Injured)। আহত সকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। গুলী চালনাৰ অন্তৰালৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

অসম ৰাইফলছৰ শিবিৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অসম ৰাইফলছ এজন জোৱানে নিৰ্বিচাৰ গুলী চালনা কৰিলে সতীৰ্থৰ ওপৰত। অসম ৰাইফলছৰ জোৱানজনৰ নিৰ্বিচাৰ গুলী চালনাত আহত হৈছে ৬ জনকৈ জোৱান। নিৰ্বিচাৰ গুলী চালনা কৰা জোৱানজনে গুলী চালনাৰ পিছত নিজকে গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে। জোৱানজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত।

মণিপুৰৰ ছান্দেল জিলাৰ চাজাক টাম্পাকস্থিত অসম ৰাইফলছৰ শিবিৰত সংঘটিত হৈছে ভয়ংকৰ গুলী চালনাৰ ঘটনা। অসম ৰাইফলছৰ এজন জোৱানে শিবিৰত হঠাৎ নিৰ্বিচাৰ গুলী চালনা কৰাত শিবিৰত থকা ৬ জনকৈ জোৱান গুলীবিদ্ধ হৈ গুৰুত্বৰভাৱে আহত হয়। আহত জোৱান ৬ জনৰ ভিতৰত ৩ জনক ইম্ফলস্থিত সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে আন ৩ জনক অসম ৰাইফলৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

অসম ৰাইফলৰ চাংপি বাইটে নামৰ এজন জোৱানে হঠাৎ শিবিৰত নিৰ্বিচাৰ গুলী চালনা কৰে। ফলত গুলীবিদ্ধ হয় ৬ জনকৈ জোৱান। গুলী চালনা কৰাৰ পিছতে চাংপি বাইটে নামৰ জোৱানজনে নিজৰ শৰীৰত গুলীয়াই আত্মহত্যাৰ চেষ্টা কৰে। গুৰুত্বৰভাৱে আহত চাংপি বাইটে নামৰ জোৱানজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই নিৰ্বিচাৰ গুলী চালনাৰ অন্তৰালৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম ৰাইফলৰ জোৱান কেইজন নিয়োজিত হৈ আছিল।

উল্লেখ্য যে, দুই জনগোষ্ঠীৰ সংঘর্ষৰ ফলত দীর্ঘদিন ধৰি জ্বলি আছে চুবুৰীয়া ৰাজ্য মণিপুৰ। দুই জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ফলত মণিপুৰত বহু লোকে প্ৰাণ হেৰুৱাইছে, কেইবাশ লোক আহত হৈছে আৰু গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। বৰ্তমান মণিপুৰৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি। সেনা আৰু অৰ্ধসামৰিক বাহিনী নিয়োজিত হৈছে আছে মণিপুৰত শান্তি স্থাপনৰ প্ৰচেষ্টাত।