গুৱাহাটী : জনমতক উপেক্ষা কৰি অসমৰ ছটা অঞ্চলৰ মাটি মেঘালয়ক গতাই দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। দলৰ মতে, বিবাদমান এলেকাত বসবাসকাৰী জনগণৰ মতামতক উপেক্ষা কৰি মেঘালয়ক ভূমি গতাই দিয়া কাৰ্য জনবিৰোধী। নিজৰ উচ্চাকাংক্ষাৰ স্বাৰ্থ আগত ৰাখি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলে অভিযোগ কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিস্পত্তি কৰাৰ ক্ষেত্ৰত কাৰো বিৰোধ থাকিব নালাগে। কিন্তু ৰাজ্য চৰকাৰে উক্ত কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে প্ৰচলিত সাংবিধানিক বিধি-ব্যৱস্থাক উলংঘা কৰাটো সমৰ্থনযোগ্য নহয়। প্ৰতিবেশী ৰাজ্যৰ লগত সৌহাদ্যপূৰ্ণভাৱে আমি সকলোৱেই থাকিব বিচাৰো। সীমা বিবাদ সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ জৰিয়তে সম্পাদন হোৱা উচিত। কিন্তু তাৰ বাবে আপোচ নহয়, এৰা-ধৰাৰহে প্ৰয়োজন।

অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে আলোচনা সাপেক্ষ্যে আক্ৰান্ত অঞ্চলৰ জনসাধাৰণৰ মতামতক উপেক্ষা কৰি যি একচেটিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, তাত কেৱল অসমৰ ভূমিহে এৰি দিয়া হৈছে। মেঘালয়ৰ পৰা যিখিনি ভূমি অসমে লাভ কৰিব বুলি চৰকাৰে দাবী কৰিছে, সেইখিনি মেঘালয়ৰ দখলত থকা অসমৰে ভূমি বুলি সেই অঞ্চলৰ জনসাধাৰণে কৰা মন্তব্যৰ পৰা আচল ছবিখন পৰিস্কাৰ হৈ গৈছে। এই ক্ষেত্ৰত বিচাৰ্য্য বিষয়টো হ’ল অসমৰ এই বাসিন্দাসকলে নতুন ৰাজ্যলৈ গৈ কি অৱস্থাত থাকিব লাগিব? মেঘালয় ৬ষ্ঠ অনুসূচীভূক্ত ৰাজ্য। গতিকে অসমৰ ভৈয়াম জনজাতি বা অজনজাতিসকলৰ মেঘালয়ত সামাজিক স্থান কি হ’ব এই বিষয়বোৰ স্পষ্ট হোৱা উচিত বুলি কয় লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই। জাতি-মাটি-ভেটিৰ কথা কোৱা এখন চৰকাৰে নিজৰ ৰাজ্যৰ মাটি আৰু মানুহক এনেকৈ বিসৰ্জন দিব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি জাতীয় পৰিষদৰ সভাপতি-সম্পাদকদ্বয়ে কয়, “বিভিন্ন সময়ত অসম বিধান সভাত চৰকাৰে দিয়া তথ্য অনুসৰি মেঘালয়ে অসমৰ ৩৫ বৰ্গ কি:মি: মাটি বেদখল কৰি আছে। এতিয়া নতুন চুক্তি অনুসৰি সেই মাটি আধা আধা হ’ব। তাৰ মানে এয়া দিল্লীয়ে বিচাৰিলে নলবাৰীও এৰি দিম বুলি কোৱা কথাৰেই প্ৰতিফলন নেকি? এয়া বুজাবুজি নে আত্মসমৰ্পণ? এয়াই জাতি মাটি ভেটিৰ ৰক্ষকৰ এনে জাতি-মাটি-ভেটিবিৰোধী ভূমিকা পুতৌজনক।”

একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত অমিত শ্বাহৰ নিৰ্দেশত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হুৰমুৰকৈ উক্ত সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে আগবেলা সৰ্বদলীয় বৈঠক আৰু পিছবেলা জাতীয় সংগঠনেৰে আলোচনা কৰি পিছদিনা কেবিনেট বৈঠকত বিষয়টো অনুমোদন কৰাই তাৰ পিছদিনা গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন ল’বলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীলৈ উৰা মৰা কাৰ্য ৰহস্যজনক। দীৰ্ঘদিনীয়া সমস্যা এটা সকলো পক্ষ্যৰ লগত আলোচনা কৰি সম্পাদন কৰা উচিত বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।