গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন শুধাই ভাৰতৰ অৰ্থনীতি ব্যাপকভাৱে পুঁজিপতি অৰ্থনীতিলৈ গতি কৰিছে। ২০১৪ চনত আম্বানী, আদানী প্ৰমুখ্যে কেইগৰাকী মান মুষ্টিমেয় পুঁজিপতিয়ে নেপথ্যত থাকি নৰেন্দ্ৰ মোদীক ব্যাপক পৰিমাণৰ পুঁজিৰ যোগান ধৰি অভূতপূৰ্ব ব্যয় বহুল নিৰ্বাচনী প্ৰচাৰ চলাই নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱাত সহায় কৰিছিল। সেইদিন ধৰি প্ৰধানমন্ত্রী নৰেন্দ্র মোদীৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি কৌশলপূৰ্ণভাৱে ক্ৰমান্বয়ে আমাৰ দেশৰ অৰ্থনীতিৰ চালিকা শক্তি আদানী, আম্বানীৰ দৰে এচাম পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ বাবে বিজেপি  চৰকাৰে বিভিন্ন দৰিদ্ৰ বিৰোধী কাৰ্যকলাপ আৰম্ভ কৰিছে বুলি সাংসদ ৰিপুন বৰাই এক সংবাদ মেলত মন্তব্য কৰে।

সাংসদ ৰিপুন বৰাই এই সন্দৰ্ভত লগতে কয় যে এই কথা অলপতে অনুষ্ঠিত হোৱা ‘বল্ড ইকনমিক  ফৰামৰ ডাভোছ’ সন্মিলনৰ প্ৰাকক্ষণত অক্সফেম ইণ্ডিয়াৰ প্ৰতিবেদনত বিস্তৃতভাৱে প্ৰকাশ পাইছে। বিশাল ভাৰতবৰ্ষৰ প্ৰায় ১৩৯ কোটি জনতাৰ অশেষ কষ্ট আৰু উপাৰ্জনৰ বিনিময়ত আৰু আমাৰ দেশৰ স্বাধীনতাৰ পিছত প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু, লালবাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, পি ভি নৰসিংহ ৰাওঁ, অটল বিহাৰী বাজপেয়ী আৰু ড° মনমোহন সিংৰ দূৰদৰ্শিতা তথা অশেষ ত্যাগ, কষ্টৰ বিনিময়ত গঢ় লৈ উঠা আৰু বিশ্বৰ ধনী ৰাষ্ট্ৰ আমেৰিকা, চীন, জাপান আদিৰ লগত ফেৰ মাৰিব পৰা আমাৰ দেশৰ অৰ্থনীতিক নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ তেওঁৰ অতি বিস্বস্ত পুঁজিপতিক সন্তুষ্ট কৰিবৰ বাবেই দৰিদ্ৰ বিৰোধী কাৰ্যত লিপ্ত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিস্বস্ত পুঁজিপতি আদানী, আম্বানীৰ স্বাৰ্থত লোৱা অৰ্থনীতিৰ ফলত ভাৰতত ব্যাপকভাৱে মূল্যবৃদ্ধি, দৰিদ্ৰতা বৃদ্ধি, নিবনুৱা সমস্যা বৃদ্ধি ,জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ ব্যাপক হ্ৰাস, বৈদেশিক বিনিয়োগৰ ব্যাপক হ্ৰাস, জনসাধানৰ ওপৰত উপৰ্য়্যুপৰি কৰ আৰোপ কৰি দেশৰ অৰ্থনীতি একেবাৰে বিধস্ত কৰি তুলিছে বুলি মন্তব্য কৰি ৰিপুন বৰাই কয় বিমুদ্রাকৰণত আমাৰ দেশৰ অৰ্থনীতি বিধস্ত হোৱাৰ পিছত আৰু ২০২০ চনৰ পৰা হোৱা ক’ভিড মহামাৰীৰ প্ৰকোপত আৰু দীর্ঘদিনীয়া লকডাউনৰ ফলত লাখ লাখ মানুহ কৰ্মচ্যুত হ’ল, বহু উদ্যোগ বন্ধ হ’ল, বহুতৰ ব্যৱসায়-বাণিজ্য প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হ’ল, সকলো মানুহৰ উপাৰ্জন আৰু ক্ৰয় ক্ষমতা  ব্যাপকভাৱে হ্ৰাস হ’ল, কিন্ত তাৰ মাজতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগ্ৰহত কেইজনমান পুঁজিপতিৰ উপাৰ্জন সাংঘাটিকভাৱে বৃদ্ধি পাইছে।

মুকেশ আম্বানীৰ ২০২০ চনত মুঠ সম্পতিৰ মূল্য ২.৭২ লাখ কোটি টকাৰ বিপৰীতে ২০২১ চনত ৬.৩২ লাখ কোটিলৈ বৃদ্ধি পায়। গৌতম আদানীৰ মুঠ ব্যৱসায়ীক সম্পত্তিৰ মূল্য ২০২০ চনত ৬৫,৮৬০ কোটিৰ বিপৰীতে ২০২১ চনত ৩.৭৩ লাখ কোটিলৈ বৃদ্ধি পায়। কিন্তু ফৰবছ ৰিয়েল টাইম ডাটা অনুযায়ী ২০২১ চনৰ ২৪ নৱেম্ববৰত গৌতম আদানীৰ মুঠ ব্যৱসায়িক সম্পত্তিৰ মূল্য ৬.০৮ লাখ কোটিলৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে ৰিপুন বৰাই। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ড° মনমোহন সিংৰ দহ বছৰীয়া শাসন কালত ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৭ কোটি মানুহক দৰিদ্ৰ সীমাৰেখা তলৰ পৰা ওপৰলৈ আনিবলৈ সক্ষম হৈছিল। অৰ্থাৎ ভাৰতৰ মুঠ জনসংখ্যা প্ৰায় ১৩৯ কোটিৰ মানুহৰ ভিতৰত ৮ কোটি মানুহ দৰিদ্ৰ সীমাৰেখা তলত আছিল। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শাসন কালৰ প্ৰথম ৫ বছৰত আৰু অতিৰিক্তভাৱে ৮ কোটি মানুহ দৰিদ্ৰ সীমাৰেখা তললৈ গ’ল।

ইয়াৰোপৰি ক’ভিড মহামাৰীৰ কালত অৰ্থাৎ ২০২০-২০২১ চনত ৪.৬ কোটি মানুহ আৰু অতিৰিক্তভাৱে দৰিদ্ৰ সীমাৰেখা তললৈ গ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ বৰ্তমানলৈকে সাত বছৰীয়া শাসন কালত ১২.৬ কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে বুলিও কয় ৰিপুন বৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুল অৰ্থনীতিৰ ফলত কেৱল ২০২১ বৰ্ষত ৮৪ শতাংশ মানুহৰ উপাৰ্জন দ্ৰুত গতিত হ্ৰাস পাইছে।ইয়াৰ বিপৰীতে ভাৰতত বৃহৎ পুঁজিপতিৰ সংখ্যা ১০২ জনৰ পৰা ১৪৩ জনলৈ বৃদ্ধি পাইছে।অৰ্থাৎ এটা বছৰতে বৃহৎ পুঁজিপতিৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পোৱাটোৱেই ভাৰতত ধনীসকল অধিক ধনী আৰু দৰিদ্ৰসকল ক্ৰমান্বয়ে অধিক দৰিদ্ৰতাৰ দিশলৈ ধাৱমান হৈছে। ‘অক্সফেম ইণ্ডিয়া’ৰ প্ৰতিবেদন অনুযায়ী এনেদৰে যদি ভাৰতৰ অৰ্থনীতিয়ে গতি কৰে ভৱিষ্যতে ভাৰত এক সাংঘাটিক অৰ্থনৈতিক দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব।