হাফলং : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নৱনির্মিত কলা খণ্ড, প্রেক্ষাগৃহ আৰু ল’ৰাৰ ছাত্ৰাৱস ভৱন উদ্বোধন কৰে। ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজি আৰু এন এল চি পি আৰৰ অধীনত সৰ্বমুঠ ১৫.৩৫ কোটি টাকা ব্যয় সাপেক্ষে এই নতুন আন্তঃগাঁথনি নির্মাণ কৰা হৈছে। এই আন্তঃগাঁথনিয়ে ডিমা হাছাও জিলাৰ শৈক্ষিক পৰিৱেশ আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে।

দুই বছৰ ভিতৰত সম্পূর্ণ হ’বলগীয়া মহাবিদ্যালয়খনৰ নতুন বিজ্ঞান খশু নিৰ্মাণৰ বাবে অসম চৰকাৰে ১০ কোটি টকা প্রদান কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য দেৱলাল গার্লোচাক মহাবিদ্যালয়খনৰ দ্বিতীয় চৌহদৰ বাবে ভূমি চিনাক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মহাবিদ্যালয়খনত সকলাে বিষয়তে স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে।

উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত শাসিত পৰিষদ আৰু মহাবিদ্যালয় কর্তৃপক্ষক শিক্ষানুষ্ঠানখনত অসমীয়া কথন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আহ্বান জনাই কয় যে এই পাঠ্যক্রমে সমগ্ৰ ৰাজ্যখনিতে কাম কৰাৰ ক্ষেত্ৰত ছাত্র-ছাত্ৰীসকলক প্রভুত পৰিমাণে সহায়ক হৈ উঠিৰ। ইয়ে নিয়ােগৰ ক্ষেত্ৰতাে অধিক পথ প্রশস্ত কৰি তুলি। আনুষ্ঠানত শিক্ষামন্ত্রী ড° ৰণােজ পেগু, জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য দেৱাল গার্লোচা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক নন্দিতা গার্লোচা, ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজকিন আহমেদ, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ মধুমিতা দাওলাগােণু প্রমুখ্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

ইয়াৰ পুর্বে মুখ্যমন্ত্ৰীয়ে কেইবা দশক পুৰণি নামঘৰ দৰ্শন কৰে আৰু সেৱা আগবঢ়ায়। তেওঁ ভক্ত সকলৰ সৈতেও মত-বিনিময় কৰে আৰু ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিচালনা সমিতিয়ে জনােৱা দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস প্রদান কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হাফলঙত থকা ৰামকৃষ্ণ সেৱা সমিতি দৰ্শন কৰে আৰু সেৱা আগবঢ়ায়। তেওঁ ভক্ত বৃন্দৰ সৈতে মত-বিনিময় ৰাৰ লগতে সমিতিয়ে অব্যাহত বা কাম-কাজৰ বুজ লয়। তেখেতে সমিতিয়ে সন্মুখীন হােৱা বিভিন্ন বিষয়সমূহৰ সম্পৰ্কতাে বার্তালাপ কৰে।

মুখ্যমন্ত্ৰীয়ে এই প্রতিষ্ঠানৰ আন্তঃগাঠনি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ প্ৰয়ােজনীয় সহযােগিতা আগবঢ়াব বুলিও প্রতিশ্রুতি প্রদান কৰে। এই দৰ্শনৰ সময়ত বন মন্ত্রী পৰিমল শুক্লবৈদ্য, জল সম্পদ মন্ত্রী পীযুষ হাজৰিকা, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য দেৱলাল গার্লোচা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে।