গুৱাহাটী, ২৩ জুন, ২০২৩ : সমষ্টি পুনৰ গঠনৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত হ’ল বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে দাবী কৰি আহিছে যদিও এই দাবীক পোনচাটেই নস্যাৎ কৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)৷ দলটোৰ মতে, প্ৰস্তাৱিত সমষ্টি পুনৰ গঠনে খিলঞ্জীয়াৰ কোনো ধৰণৰ কল্যাণ সাধন নকৰে; বৰং অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিলাষ পূৰণৰ হাথিয়াৰ হিচাপেহে কাম কৰিব৷ তদুপৰি এই ধৰণৰ সমষ্টি পুনৰ গঠনে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ ৰাজনৈতিক প্ৰতিষ্ঠাহে নিশ্চিত কৰিব বুলি অভিযোগ কৰে দলটোৱে৷

শুকুৰবাৰে (২৩ জুন) এখন সংবাদ মেলৰ আয়োজন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যোৱা ২০ জুনৰ দিনা নিৰ্বাচন আয়োগে অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱেৰে যিখন খচৰা প্ৰকাশ কৰিছে, তাত সাম্প্ৰদায়িক দৃষ্টিভংগী স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে৷ নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক সংস্থাই বিজেপি দলৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাটো দুৰ্ভাগ্যজনক৷ আনহাতে প্ৰস্তাৱিত সমষ্টি পুনৰ গঠনে কেৱল বিজেপি আৰু এ আই ইউ ডি এফ দলকহে ৰাজনৈতিকভাৱে উপকৃত কৰিব বুলি উল্লেখ কৰি লুৰীণ জ্যোতি গগৈয়ে কয়, “কৈ থকা হৈছে (বিজেপিৰ ফালৰ পৰা) আগতে ৩০ টা বিধানসভা সমষ্টিত আজমলৰ মানুহে নিৰ্বাচন জিকিব পৰা জনগাঁথনি আছিল; সেইটো কমাই আনি ২৪ টা কৰা হৈছে৷ আৰু এইটোকে খিলঞ্জীয়াৰ সাফল্য বুলি বুজাই থকা হৈছে৷ কিন্তু হিচাপ কৰি চাব যে কৈ থা ২৪ টাৰ বাহিৰেও আন ১৫ ৰ পৰা ২০ টা সমষ্টিত য’ত আজমলৰ ভোট বেংক আছে, তাত সেই ভোট বেংকসমূহক কেন্দ্ৰীভূত কৰি সেই সমষ্টিসমূহতো আজমলৰ দলক জিকি অহাৰ সুবিধা কৰি দিছে৷”

সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ সমগ্ৰ বিষয়টোকে হিন্দু-মুছলমানৰ দৃষ্টিভংগীৰে চোৱাৰ তীব্ৰ বিৰোধিতা কৰি লুৰীণ জ্যোতি গগৈয়ে কয় যে একাংশ সংবাদ মাধ্যমেও এই দৃষ্টিভংগীটোক উৎসাহিত কৰা দেখা গৈছে যিটো দুৰ্ভাগ্যজনক৷ “সাংবিধানিক প্ৰক্ৰিয়া এটাত হিন্দু-মুছলমানৰ কথা থাকিব নালাগে৷ ইয়াত থাকিব লাগে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন৷ হিন্দু-মুছলমান শব্দ দুটা ব্যৱহাৰ কৰি খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ সমগ্ৰ বিষয়টোকে গৌণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে৷” লুৰীণ জ্যোতি গগৈয়ে সংবাদ মেলত এইদৰে কয়৷ অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকা, উপ-সভাপতি দুলু আহমেদ আৰু সম্পাদক অমৃৎ খাটনীয়াৰ উপস্থিত থকা সংবাদ মেলখনত লুৰীণ জ্যোতি গগৈয়ে কয় যে আজমলক কেনেকৈ ৰাজনৈতিক প্ৰতিষ্ঠা দিব খোজা হৈছে, সেয়া প্ৰস্তাৱিত ধুবুৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টি দুটাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা চালেই স্পষ্ট হৈ যাব৷ এতিয়া উক্ত লোকসভা সমষ্টি দুটা কাৰ্যতঃ আজমলৰ দলক উপহাৰ দিয়া হ’ল৷

“কোনোবাই ক’ব পাৰে যে বদৰুদ্দিন আজমলৰ ৰাজনৈতিক আয়ুস টুটি আহিছে৷ হয় টুটি আহিছে৷ কিন্তু পৰৱৰ্তী সময়ত আন কোনোবা বদৰুদ্দিন আজমলৰ জন্ম হ’ব৷ মুঠতে সাম্প্ৰদায়িক ৰাজনীতি বৰ্তাই ৰাখিবৰ কাৰণে অতি পৰিকল্পিতভাৱে এই ধৰণৰ সমষ্টি পুনৰ গঠন কৰিব খোজা হৈছে৷” বুলি কয় লুৰীণ জ্যোতি গগৈয়ে।তেওঁ লগতে কয়, “বিজেপি দলৰ যিবোৰ ভোট বেংক, যিসকল মানুহে বিজেপিক পৰম্পৰাগতভাৱে ভোট দি আহিছে, মন কৰিব যে সেই ভোট বেংকসমূহক প্ৰায়সমূহ সমষ্টিতে কেন্দ্ৰীভূত কৰি সমষ্টিসমূহ এনেদৰে সজোৱা হৈছে যে সেইসমূহ সমষ্টিত বিজেপিৰ বিজয় যাতে নিশ্চিত হয়৷” গতিকে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা বোলা কথাটো কেৱ কোৱা কথাহে, বাস্তৱত তাৰ কোনো প্ৰতিফলন হোৱা নাই বুলি উল্লেখ কৰি লুৰীণ জ্যোতি গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা আওৰাই আছে৷ কিন্তু তেৱেঁইতো বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ কথা কোৱা নাছিল জানো? আমাৰ দুৰ্ভাগ্য যে তেওঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে ঠিকেই, কিন্তু সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ গোটেই প্ৰক্ৰিয়াটো চলাবৰ বাবে তেওঁ দায়িত্ব দি থৈছে এজন বনিয়া মন্ত্ৰীৰ হাতত৷ মানে এজন বেপাৰী মন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰিব৷ হাঁহি উঠা কথা৷”

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি থকাৰ প্ৰসংগ উল্লেখ কৰি লুৰীণ জ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে শিকাই দিয়া অনুসৰিয়ে বদৰুদ্দিন আজমলে ৰাইজক বিভ্ৰান্ত কৰিবৰ বাবেহে বিৰোধিতা কৰি আছে৷ দলৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই সংবাদ মেলত কয় যে নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লক আধাৰ হিচাপে লৈ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ ফলত ১৯৭১ চনৰ পৰা ২০২৩ চনলৈ অসমলৈ যিখিনি বাংলাদেশী আহিছে, তেওঁলোকো এই সীমা নিৰ্ধাৰণত সোমাই গৈছে৷ মানে প্ৰতিটো সমষ্টিতে নিৰ্বাচন আয়োগৰ মতে যি দুই লাখ পোন্ধৰ হাজাৰ ভোটাৰ থাকিব, তেওঁলোকৰ মাজত উক্ত বাংলাদেশীখিনিও সোমাই আছে৷ নিৰ্বাচন হ’লে যি ভোটাৰ তালিকা সংশোধন হ’ব, তাত উক্ত আটাইখিনি বাংলাদেশীৰ নাম সোমাব৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে বিজেপিৰ স্বাৰ্থ মানে খিলঞ্জীয়াৰ স্বাৰ্থ বুলি বুজাব খুজিছে বুলি উল্লেখ কৰি বসন্ত ডেকাই কয় যে খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ কথা কৈ আচলতে মুখ্যমন্ত্ৰীয়ে বিজেপিকহে সুৰক্ষিত কৰাৰ কাম কৰিছে৷ দলৰ উপসভাপতি দুলু আহমেদে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ গঠনক লৈ ৰাইজৰ মাজত আনন্দৰ বন্যা বোৱা বুলি কৈছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি শুৱালকুচি অঞ্চলটো জালুকবাৰী সমষ্টিৰ পৰা কাটি দিয়াৰ পিছত সেই অঞ্চলৰ ৰাইজৰ মনত কিহৰ বন্যা বৈ আছে, তাৰ খবৰ মুখ্যমন্ত্ৰীয়ে অবাৰ নিজে লৈ আহিলে গোটেই অসমখনত আচলতে আনন্দৰ নে ক্ষোভৰ বন্যা বৈছে সেয়া তেখেতে জানিব পাৰিব৷