তিনিচুকীয়া, ২৪ জুন, ২০২৩ : আদিবাসী-চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, এই গুৰুত্বৰ অভিযোগ কংগ্ৰেছ নেতা ৰাজু চাহুৰ। অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি আৰু অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক প্ৰেছ বিবৃতি যোগে অভিযোগ কৰে যে আদিবাসী-চাহ জনগোষ্ঠীয়ে অসমৰ ৩৫ টা বিধানসভা সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হিমন্ত বিশ্ব শৰ্মা, আদিত্য খাকলাৰী, প্ৰমোদ বড়ো, ৰণোজ পেগুৰ লগত মিলি চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছে বুলি ৰাজু চাহুৱে অভিযোগ কৰে।

কংগ্ৰেছ নেতা ৰাজু চাহুৱে কয় হিমন্ত বিশ্ব শৰ্মাৰ এনে কাৰ্যৰ বাবে চাহ জনগোষ্ঠীয়ে বিজেপিক হৰুৱাবই লাগিব, অন্যথা বিজেপিয়ে চাহ জনগোষ্ঠীক ৰাজনৈতিকভাৱে শেষ কৰি দিব। চাহ জনগোষ্ঠীৰ মানুহ অসমীয়া নহয় নেকি ? খিলঞ্জীয়া নহয় নেকি ? চাহ জনগোষ্ঠীৰ ভোট থকা লাহোৱাল বিলুপ্তি ঘটালে, মৰাণ বিলুপ্তি ঘটালে। সৰহ সংখ্যক চাহ জনগোষ্ঠীৰ ভোট থকা বিহালীক এছ চি কৰিলে। ঠিক তেনেদৰে পানেৰী ৰিজাৰ্ভ কৰিলেজ মাজবাট, ঢেকীয়াজুলি, সৰুপথাৰ আদি ইত্যাদি সমষ্টিত চাহ জনগোষ্ঠী কেৱল ভোটহে দিব। হিমন্ত বিশ্ব শৰ্মাই আদিত্য খাকলাৰীৰ যোগেদি কৈছে ব্ৰিটিছে এগ্ৰিমেণ্ট কৰি চাহ জনগোষ্ঠীৰ লোক সকলক আনিছিল, চাহ জনগোষ্ঠীৰ লোক সকলৰ এগ্ৰিমেণ্ট শেষ, সেয়েহে নিজৰ নিজৰ ৰাজ্যলৈ যাব লাগিব। ৰাজু চাহুৱে কয় “মই জানো হিমন্ত বিশ্ব শৰ্মাই এই জনগোষ্ঠীক শেষ কৰিব সেয়েহে চাহ জনগোষ্ঠীৰ লোক সকললৈ আহ্বান এইবাৰ আমি বিজেপিক পৰাভূত কৰিব লাগিব।” 

ৰাজু চাহুৱে কয় এতিয়া চাবুৱা সমষ্টিৰে এটা উদাহৰণ মই দাঙি ধৰিলোঁ, পানীতোলা ৰে’লৱে ষ্টেশ্যন ডিব্ৰুগড় জিলাত নাই, পানীতোলা তিনিচুকীয়া জিলাত আছে। তথাপি পানীতোলা চাহ বাগিচা ডিব্ৰুগড় জিলাত পৰিছে। দিনজান ৰোডটোৱে সুন্দৰভাৱে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভাগ কৰিছিল। এতিয়া সাধাৰণ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে অতদিনে প্ৰশাসনীক সকলো কাম কাজ তিনিচুকীয়াত কৰিছিল, এতিয়া সেই ৰাইজে ৫০০/১০০০ টকা খৰচ কৰি ডিব্ৰুগড়লৈ যাব লাগিব। যি কাম ৭/৮ কিলোমিটাৰ গৈ ৫০/১০০ টকাত হৈছিল এতিয়া সেই কাম ৫০০/১০০ টকা খৰচ কৰি ৪০/৫০ কিলোমিটাৰ যাব লাগিব। 

ৰাজু চাহুৱে আৰু কয় যে পানীতোলা উন্নয়ন খণ্ডৰ নাম চাবুৱা হ’ব লাগিছিল কাৰণ পানীতোলা নামৰ কোনো অস্তিত্বই নাই ডিব্ৰুগড় জিলাত। ঠিক সেইদৰে আপোনালোকে ভাবি চাওঁক গোটেই অসমত সমষ্টি পূৰণ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিজেপিয়ে ভাবিছে এইদৰে কৰিলে অহা ২০২৪ চনৰ নিৰ্বাচনত জয়যুক্ত হৈ আহিব। আজিয়েই মই ৩৫ বছৰ সাংগঠনিক অভিজ্ঞতাৰ পৰা কৈ থলো বিজেপিয়ে যিয়েই নকৰক কিয় কেতিয়াও জয়যুক্ত হৈ আহিব নোৱাৰে। কাৰণ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে সংবিধান নমনা, নীতি-নিয়ম নমনা, গণতান্ত্ৰক বিশ্বাস নকৰা বিজেপি দলক ২০২৪ ৰ নিৰ্বাচনত পৰাভূত কৰিবই আৰু কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ’বই। 

ৰাজু চাহুৱে লগতে কয় সমষ্টি নিৰ্ধাৰণকলৈ কেওফালে হাহাকাৰ হৈ আছে, যিহেতু গোটেই ভাৰতবৰ্ষতে ২০২৬ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’বই, তেন্তে ইমান খৰখেদা কিয় ? তাতোকৈ ডাঙৰ কথা অসমত এতিয়াও এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱা নাই, বহুতো ডি ভোটাৰ আছে, কিয় ইমান খৰখেদা ? সমষ্টি নিৰ্ধাৰণ ডি-লিমিটেচন কমিচনে কৰে, এতিয়া অসমত ইলেকচনে কৰিছে মানে হিমন্ত বিশ্ব শৰ্মাই কৰিছে মিছামিচি ৰাজহুৱা ধন খৰচ কৰিছে কেৱল বিজেপিৰ স্বাৰ্থত।