নিউজ ডেস্ক : ভয়ংকৰ হিমস্খলনৰ (Avalanche) ঘটনাত সন্ধানহীন অসমৰ পৰ্বতাৰোহী। দ্বীপশিখা হাজৰিকা (Deepsikha Hazarika) নামৰ অসমৰ এগৰাকী পৰ্বতাৰোহী ভয়ংকৰ হিমস্খলনত সন্ধানহীন হৈছে। অসমৰ অন্য এগৰাকী পৰ্বতাৰোহী কথমপি ৰক্ষা পৰে ভয়ংকৰ হিমস্খলনৰ ঘটনাৰ পৰা।

উত্তৰাখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ হিমস্খলনৰ ঘটনা। এই ভয়ংকৰ হিমস্খলনত অসমৰ দ্বীপশিখা হাজৰিকা নামৰ এগৰাকী পৰ্বতাৰোহী সন্ধানহীন হৈ আছে। গুৱাহাটীৰ দ্বীপশিখা হাজৰিকা উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল। সোমবাৰে সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ভাৰ্গৱ বৰা নামৰ অসমৰ আন এগৰাকী পৰ্বতাৰোহী।

হিমস্খলনৰ ঘটনাৰ পৰা ৰক্ষা পৰা ভাৰ্গৱ বৰাৰ ঘৰ যোৰহাটত।উত্তৰাখণ্ডত সংঘটিত হোৱা এই ভয়ংকৰ হিমস্খলনৰ ঘটনাত বৰ্তমানলৈকে ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আনহাতে অসমৰ পৰ্বতাৰোহীৰ দ্বীপশিখা হাজৰিকাৰ লগতে মুঠ ১১ গৰাকী পৰ্বতাৰোহী বৰ্তমানেও সন্ধানহীন হৈ আছে। ইয়াৰে দুগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

পৰ্বতাৰোহীৰ দলটোৰ ৮ গৰাকী সদস্যক উদ্ধাৰ কৰা হৈছে বুলিও জানিব পৰা গৈছে। পৰ্বতাৰোহীৰ দলটোত ২৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে ৭ গৰাকী প্ৰশিক্ষক আছিল। সোমবাৰে পৰ্বতাৰোহীৰ দলটো উভতি অহাৰ সময়ত সংঘটিত হৈ এই ভয়ংকৰ হিমস্খলনৰ ঘটনা।

পৰ্বতাৰোহীৰ দলটো উভতি অহাৰ সময়ত ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত হয় এই ভয়ংকৰ হিমস্খলন ঘটনা। হিমস্খলনত সন্ধানহীন হোৱা পৰ্বতাৰোহী সকলৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। উদ্ধাৰ অভিযানত সেনা বাহিনীৰ লোককো নিয়োজিত কৰা হৈছে বুলি জানিব পৰা গৈছে।