নিউজ ডেস্ক : প্ৰতিমা বিসৰ্জনৰ সময়ত পশ্চিম বংগত সংঘটিত হৈছে এক হৃদয় বিদাৰক দুৰ্ঘটনা। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত হঠাৎ নৈত বানপানীৰ (Flash Flood During Idol Immersion) সৃষ্টি হোৱাত উটি যায় কেইবাজনো লোক। উদ্ধাৰ অভিযান অব্যাহত আছে।

বুধবাৰে নিশা পশ্চিম বংগৰ জলপাইগুৰিত দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ সময়ত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। জলপাইগুৰিৰ মাল নৈত প্ৰতিমা বিসৰ্জনৰ সময়ত হঠাৎ সৃষ্টি হোৱা বানপানীৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক সন্ধানহীন হৈ আছে। এতিয়াও ৩০-৪০ জন লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।

নিশা প্ৰায় ৮ বজাত মালবজাৰ নগৰৰ পৰা আৰু চাহ বাগিচা অঞ্চলৰ পৰা মাল নৈৰ পাৰত দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে বৃহৎ সংখ্যক লোকৰ সমাগম ঘটিছিল। নৈৰ দুয়ো কাষে বিপুল জনসমাগম ঘটিছিল। প্ৰশাসনৰ লোকে মাইকৰ জৰিয়তে মানুহক সজাগ হৈ থাকিবলৈ অহৰহ পৰামৰ্শ দি আছিল। ইয়াৰ পিছতো একাংশ লোকে প্ৰতিমা থকা গাড়ী লৈ নৈৰ মাজত উপস্থিত হয়। কিন্তু কিছুসময়ৰ পিছত হঠাৎ নৈৰ পানী বৃদ্ধি পোৱাত বহু লোক উটি যায়।

এই দুর্ঘটনাত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০-৪০ জন লোক সন্ধানহীন হৈ পৰে। নিশা প্ৰায় ১ বজালৈকে এন ডি আৰ এফৰ বাহিনীৰ দলে উদ্ধাৰ অভিযান চলাই ১০ জনকৈ লোকক উদ্ধাৰ কৰে। একাংশ প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে যে, বৃহৎ সংখ্যক লোকে মা দুৰ্গাৰ প্ৰতিমা নৈত বিসৰ্জন কৰিবলৈ আহিছিল। সেই সময়ত সৈতে পানী কম আছিল। প্ৰতিমা বিসৰ্জন কৰিবলৈ অহা লোক সকলে ৰীতি-নীতিৰে প্ৰতিমা বিসৰ্জন কৰি থকাৰ সময়তে হঠাৎ নৈৰ পানী বাঢ়িবলৈ ধৰে আৰু পানীৰ প্ৰবল সোঁতত বহু লোক উটি যায়।

আৰক্ষী আৰু প্ৰশাসনৰ লোকে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ এন ডি আৰ এফ বাহনীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিশাৰ ভাগলৈকে উদ্ধাৰকাৰী দলটোৱে ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহত লোক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে।