গুৱাহাটী : ৰাজ্যৰ ক্ৰীড়াজগতৰ শীৰ্ষ সংস্থা অসম অলিম্পিক সংস্থাই (Assam Olympic Association) শেহতীয়াকৈ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়ী হোৱা বক্সিং চাঞ্চল‍্য লাভলিনা বৰগোহাঁই, কমনৱেল্‌থ গেমছত সোণৰ পদক লাভ কৰা নয়নমনি শইকীয়া আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ মহাসচিব হেমন্ত কলিতাক এক জাকজমকীয়া অনুষ্ঠানত সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী লগতে অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে এই অনুষ্ঠানৰ শোভাবৰ্ধন কৰে। ৰাজ্যৰ গণ্য মাণ‍্য ব্যক্তিসকলৰ উপস্থিতিত তাৰকা খেলুৱৈসকলৰ প্ৰত্যেককে সৰ্বানন্দ সোণোৱালে এখনি ফুলাম গামোছা, এটা জাপি, এটা স্মাৰক আৰু পঞ্চাশ হাজাৰ টকাৰ চেকেৰে সম্বৰ্ধনা জনায়।

অনুষ্ঠানত অসম অলিম্পিক সংস্থাৰ তৰফৰ পৰা ৰাজ্যৰ অন্যান্য তাৰকা খেলুৱৈ তথা প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে বক্সিং তাৰকা হিচাপে কল্পনা চৌধুৰী, ভাগ্যৱতী কছাৰী, পৈলাও বসুমতাৰী আৰু অংকুশিতা বড়ো;  ট্ৰিপল লন বলৰ চেম্পিয়ন মৃদুল বৰগোহাঁই আৰু পুতুল সোণোৱাল; বক্সিং প্ৰশিক্ষক ত্ৰিদীপ বৰা। অসম অলিম্পিক সংস্থাৰ উপৰিও ৰাজ্যৰ বহু ক্ৰীড়া সংস্থাই খেলুৱৈসকলক উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ (অসম) সাংসদ ভুৱনেশ্বৰ কলিতা, সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি জয়ন্ত বৰুৱা, সঞ্জীৱ নাৰায়ণ, প্ৰণয় বৰদলৈ আৰু ৰাজদ্বীপ বাইলুং বৰুৱাৰ উপৰিও অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ তপন দাস, অসমৰ অন্যান্য ক্ৰীড়া সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কয়, “আজি ইয়াত যিসকল ক্ৰীড়াবিদক সম্বৰ্ধনা জনোৱা হৈছে তেওঁলোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে খেলজগতত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই কেৱল আমাক গৌৰৱান্বিত কৰাই নহয়, অসমৰ ক্ৰীড়াবিদসকলক এক উন্নত আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে ধাৱমান হোৱাত আশাৰ সঞ্চাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ক্ৰীড়াত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে।প্ৰধানমন্ত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাৰ বলতে আমাৰ খেলুৱৈসকলক বিশ্ব মঞ্চত উৎকৃষ্ট প্ৰদৰ্শনত সক্ষম কৰিবলৈ নীতিগত পৰিৱৰ্তন কৰি এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহো খেলুৱৈসকলৰ খেলৰ মানদণ্ড বিশ্ব পৰ্যায়ৰ হোৱাকৈ বিকশিত কৰা হৈছিল।”

ক্ৰীড়াক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কোৱাৰ সময়ত সৰ্বানন্দ সোণোৱালে লগতে কয়, ‘
“আমাৰ অঞ্চলত ক্ৰীড়াৰ অপৰিসীম সম্ভাৱনা আছে।  আমাৰ প্ৰধানমন্ত্ৰীয়ে সদায় সুস্থ ভাৰত গঢ়াৰ দিশত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি আহিছে। ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ অপৰিসীম সম্ভাৱনাক প্ৰধানমন্ত্ৰীও স্বীকৃতি দিছিল। সেই কাৰণেই ইম্ফলত ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।  যিহেতু প্ৰধানমন্ত্ৰীয়ে সদায় উত্তৰ পূৰ্বাঞ্চলক নতুন ভাৰতৰ বিকাশৰ অন‍্যতম মুখ্য ইঞ্জিন বুলি চিনাক্ত কৰে। টি অ পি এছ কাৰ্যসূচীয়ে ইতিমধ্যে ক্ৰীড়া জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।  প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমাৰ খেলুৱৈসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ দিশত আমাৰ নিৰপেক্ষ প্ৰচেষ্টা অব্যাহত হৈয়েই আছে।”

অনুষ্ঠানত ভাষণ দি আই বি এ বিশ্ব বক্সিং চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে কয়, “আজি ইয়াত মোক জনোৱা এই সন্মানৰ বাবে অসম অলিম্পিক সংস্থাক ধন্যবাদ দিব লাগিব। এনেধৰণৰ সন্মানে মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। ম‌ই আশা কৰোঁ যে এনেধৰনৰ অনুষ্ঠানে ক্ৰীড়াক সফল কেৰিয়াৰ হিচাপে বাচনি কৰাত সজাগতা বৃদ্ধি কৰিব। এজন ক্ৰীড়াবিদ হিচাপে মোৰ যাত্ৰাত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মই ব্যক্তিগতভাৱে সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাইছো। ক্ৰীড়াৰ বিভিন্ন দিশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিছো য’ত আমি আগন্তুক ক্ৰীড়াবিদসকলক শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত সন্মুখীন হোৱা বিভিন্ন বিষয় বা উদ্বেগ সম্পৰ্কে পৰামৰ্শ দিয়াৰ চেষ্টা কৰিম। খাদ্যৰ পৰা আৰম্ভ কৰি চিকিৎসা বা পুষ্টিৰ গুৰুত্ব যিকোনো খেলুৱৈৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ ফাউণ্ডেচনে ক্ৰীড়াৰ এনে বহু দিশত ক্ৰীড়াবিদসকলক পথ প্ৰদৰ্শন কৰিব। আৰম্ভণিতে আমি আগন্তুক মাহত ১০০০ জন খেলুৱৈৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছো।”

অনুষ্ঠানত ভাষণ দি কমনৱেলথ গেমছৰ লন বলৰ পদক বিজয়ী নয়নমনি শইকীয়াই কয়, “আজি অসম অলিম্পিক সংস্থাই মোক সম্বৰ্ধনা জনোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। মই নিশ্চিত যে ইয়াৰ দ্বাৰা বহুতকে লন বল ক্ৰীড়াক পেছাদাৰীভাৱে গ্ৰহণ কৰিবলৈ উৎসাহ যোগাব লগতে আগন্তুক দিনত অসম আৰু ভাৰতৰ বাবে অধিক পদক লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মোৰ সংগ্ৰামৰ দিনৰ পৰা এতিয়ালৈকে এই দীঘলীয়া সময়চোৱাত ক্ৰীড়াত মনোনিৱেশ কৰিবলৈ আৰু প্ৰতিখন খেলতে সম্ভৱপৰ উত্তম প্ৰদৰ্শন আগবঢ়াবলৈ অহৰহ উৎসাহ যোগোৱাৰ বাবে সৰ্বানন্দ সোণোৱালক আন্তৰিক ধন্যবাদ জনাইছো।” ভাৰতীয় বক্সিং ফেডাৰেচনৰ প্ৰধান সম্পাদক হেমন্ত কলিতাই কয়, ‘আজি ইয়াত অসম অলিম্পিক সন্থাই মোক যি সন্মান প্ৰদান কৰিছে, ম‌ই নিজকে ধন‍্য অনুভৱ কৰিছোঁ।  আমাৰ খেলুৱৈসকলৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সুবিধাৰ বাবে ক্ৰীড়া প্ৰশাসক হিচাপে মোৰ ভূমিকা হৈছে এক যাত্ৰা যিটো মই প্ৰতিদিনে নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰো। এই সুন্দৰ যাত্ৰাক আজি ইয়াত সংস্থাই স্বীকাৰ কৰি লোৱাটোৱে মোক অপৰিসীম আনন্দ দিয়ে। ই মোক আমাৰ বক্সাৰসকলক বিশ্বব্যাপী বিজয়ী প্ৰদৰ্শন আগবঢ়োৱাত সুবিধা প্ৰদানৰ বাবে মোৰ সাধ্য অনুসৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।”