মাজুলী : এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলালে এজন কিশোৰে। বহিঃৰাজ্যৰ এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কেইদিনমান পূৰ্বে জেলৰ পৰা ওলাই অহা কিশোৰৰ। ধৰ্ষণৰ চেষ্টা চলোৱা কিশোৰজন বৰ্তমান আৰক্ষীৰ জালত। এই জঘন্য ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

সত্ৰ নগৰী মাজুলীত (Majuli) সংঘটিত হৈছে এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ জঘন্য কাণ্ড। বৃহস্পতিবাৰে মাজুলীত সংঘটিত হয় এই জঘন্য কাণ্ড। বহিঃৰাজ্যৰ এগৰাকী যুৱতীক মাজুলীত ধৰ্ষণৰ চেষ্টা চলায় এজন যুৱকে। জানিব পৰা মতে এই জঘন্য কাণ্ড সংঘটিত হৈছে মাজুলীৰ অফলামুখ ফেৰীঘাটৰ সন্মুখত।

হায়দৰাবাদৰ পৰা মাজুলীলৈ ফুৰিব অহা যুৱতী গৰাকী অফলামুখ ফেৰীঘাটৰ সন্মুখত ই-ৰিক্সাৰ পৰা নামি খোজ কাঢ়ি গৈ থকা অৱস্থাত কিশোৰজনে যুৱতী গৰাকীক টানি কাষত থকা জংঘললৈ নি ধৰ্ষণৰ চেষ্টা চলায়। যুৱতী গৰাকীক চিঞৰ শুনি কাষেৰে গৈ থকা কেইজনমান লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱতী গৰাকীক ৰক্ষা কৰে।

মানুহ দেখি অভিযুক্ত কিশোৰজন পলায়ন কৰে যদিও আৰক্ষীয়ে খেদি খেদি কিশোৰজনক আটক কৰে। প্ৰত্যক্ষদৰ্শী ৰাইজে জানিবলৈ দিয়ে যে উদ্ধাৰ কৰাৰ সময়ত নিৰ্যাতনৰ বলি হোৱা যুৱতী গৰাকীৰ মুখৰ পৰা তেজ ওলাই আছিল। অভিযুক্ত কিশোৰজনে যুৱতী গৰাকীক মাৰধৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।

জানিব পৰা মতে অভিযুক্ত ১৬ বছৰীয়া কিশোৰজন কেইদিনমান পূৰ্বে জেলৰ পৰা ওলাই আহিছিল। কিশোৰজন পূৰ্বেও কেইবাটাও অপৰাধমূলক ঘটনাৰ লগত জড়িত বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে কিশোৰজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এই জঘন্য ঘটনাই মাজুলীৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।