আজিজ আলী

মুকালমুৱা : বৰপেটা-গুৱাহাটী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা। বৰপেটা-গুৱাহাটী সংযোগী পথটিৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱেইছে ৰাইজক। পথটিৰ এই দুৰৱস্থাৰ বাবে প্ৰতিদিনে সংঘটিত হৈ আছে পথ দুর্ঘটনা। লোক নিৰ্মাণ বিভাগে দৃষ্টি গোচৰ কেতিয়া হ’ব ?

নলবাৰী জিলাৰ মুকালমুৱা হৈ বৰপেটালৈ যোৱা গুৱাহাটী-বৰপেটা সংযোগী পথটিৰ দুৰৱস্থাই জলাকলা খুৱেইছে পথচাৰি সকলক। পথটিৰ অৱস্থা ইমানেই জৰাজীৰ্ণ যে সাধাৰণ কিনকিনিয়া বৰষুণতে পথটিত জমা হয় এক আঁঠু পানী। পথটিৰ দুৰৱস্থাৰ ফলত সঘনাই সংঘটিত পথ দুৰ্ঘটনা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত গুৱাহাটীৰ পৰা মুকালমুৱা হৈ বৰপেটা সংযোগী পথটিৰ ৩ নম্বৰ কান্ধবাৰীৰ মাছ বজাৰৰ সমীপবৰ্তী পথছোৱাৰ মাজভাগত হোৱা দ গাঁতৰ ফলত অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। স্থানীয় একাংশ লোকে জনোৱা মতে ৰাতিপুৱাৰ পৰা নিশালৈ প্ৰায়েই পথটিত সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

স্থানীয় ৰাইজে পথটি মেৰামতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। সকলো সময়তে উন্নয়নৰ কথা কোৱা চৰকাৰখনৰ লোক নিৰ্মাণ বিভাগে এই পথটিৰ মেৰামতিৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।