গুৱাহাটী : উদণ্ড বাইকাৰ্ছৰ (Bikers) বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। যিকোনো স্থানত বাইক ষ্টাণ্টৰ খবৰ পালে অসম আৰক্ষীক জনাবলৈ আহ্বান। সামাজিক মাধ্যমটো উদণ্ড বাইক ষ্টাণ্টৰ খবৰ পালে অসম আৰক্ষীক জনাবলৈ আহ্বান কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।

ধুবুৰী জিলাৰ বিলাসীপাৰাত উদণ্ড বাইকাৰ্ছে সংঘটিত‌ কৰা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে কঠোৰ হৈছে অসম আৰক্ষী। কিছুদিন পূৰ্বে বিলাসীপাৰাত উদণ্ড বাইকাৰ্ছে এগৰাকী ৭৯ বছৰীয়া বৃদ্ধাক খুন্দা মৰাত চিকিৎসালয়ত মৃত্যু হৈছিল বৃদ্ধা গৰাকীৰ। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি উদণ্ড বাইকাৰ্ছে সামাজিক মাধ্যমত ভিডিঅ’ এক আপলোড কৰিছিল। লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল উক্ত ভিডিঅ’টো।

আকিৰুল ইছলাম ওৰফে নুৰ নবি নামৰ এজন যুৱকে দুর্ঘটনাটো সংঘটিত কৰিছিল আৰু আকিৰুল ইছলাম ওৰফে নুৰ নবিৰ বন্ধু মিনহাজুল কৰিমে ১০ মিনিটৰ ভিতৰত থানাৰ পৰা ওলাই অহা বুলি মন্তব্য প্ৰকাশ কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰিছিল। বিলাসীপাৰাৰ উদণ্ড বাইকাৰ্ছ ‘গেং অৱ ডেভিলছ’ৰ পাৱাৰ বাবাই থানাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ল বুলিও উল্লেখ কৰিছিল যুৱকজনে।

সামাজিক মাধ্যমত ভিডিঅ’ এৰি একপ্ৰকাৰ আৰক্ষী প্ৰশাসনক প্ৰত্যাহ্বান জানিছিল যুৱকজনে। সমগ্ৰ ঘটনা আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত আৰক্ষীয়ে তৎপৰতা দেখুৱাই গেং অৱ ডেভিছলৰ সদস্য কেইজনক গ্ৰেপ্তাৰ কৰিছিল। উক্ত ঘটনাৰ পিছতে উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। অসম আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জি পি সিংঙে ৰাজহুৱা স্থানত বাইক ষ্টাণ্ট কৰা দেখিলে বা সামাজিক মাধ্যমত বাইক ষ্টেণ্ট কৰাৰ খবৰ লাভ কৰিলে আৰক্ষীক জনাবলৈ আহ্বান জনাইছে।

উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হোৱা অসম আৰক্ষীয়ে এতিয়াৰে পৰা ৰাজপথত তীক্ষ্ণ দৃষ্টি ৰাখিব। এক টুইট কৰি জি পি সিঙে কয়, “অসমৰ ৰাইজে নিয়মীয়াকৈ ষ্টাণ্ট বাইকিংত লিপ্ত হোৱা যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেছেজৰ জৰিয়তে অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। সামাজিক মাধ্যমযোগে আৰক্ষীক দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।”