গুৱাহাটী : গুৱাহাটী মহানগৰীৰ আঠগাঁওস্থিত মাৰোৱাৰী মেটাৰ্নিটী হাস্পতালত (Marwari Maternity Hospital) এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ। সন্তান সলনিৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে মাৰোৱাৰী মেটাৰ্নিটী হাস্পতালৰ বিৰুদ্ধে। এগৰাকী মহিলাৰ পুত্ৰ সন্তানক অন্য দম্পতীৰ কন্যা সন্তানৰ লগত সলনি কৰাৰ অভিযোগ উত্থাপন হৈছে হাস্পতালখনৰ বিৰুদ্ধে।

বৃহস্পতিবাৰে মাৰোৱাৰী মেটাৰ্নিটী হাস্পতালত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিৱেশৰ। এহাল দম্পতীয়ে হাস্পতালখনৰ বিৰুদ্ধে সন্তান সলনি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। দম্পতী হালে হাস্পতালখনৰ কৰ্মচাৰীয়ে তেওঁলোৰ পুত্ৰ সন্তানক অন্য দম্পতীৰ কন্যা সন্তানৰ লগত সলনি কৰাৰ অভিযোগ উত্থাপন কৰে। ঘটনাক কেন্দ্ৰ কৰি হাস্পতালখনত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে যোৱা ১৩ ডিচেম্বৰত হাজোৰ নুৰ ইছলামৰ পত্নী ইয়াছমিন বেগমে মাৰোৱাৰী মেটাৰ্নিটী হাস্পতালত জন্ম দিছিল এটি পুত্ৰ সন্তান। বৃহস্পতিবাৰে পুৱাৰ ভাগত হাস্পতালখনৰ এজন কৰ্মচাৰীয়ে ইয়াছমিন বেগমৰ পুত্ৰ সন্তানটিক জণ্ডিছ পৰীক্ষাৰ বাবে নিয়ে আৰু কিছু সময় পিছত অন্য এগৰাকী দম্পতীৰ কন্যা সন্তান ঘূৰাই দিয়ে।

ইয়াৰ পিছতে ইয়াছমিন বেগম আৰু নুৰ ইছলামৰ পৰিয়ালৰ লোকে সন্তানটি তেওঁলোকৰ নহয় বুলি প্ৰতিবাদ কৰে। পৰিয়ালটোৱে অভিযোগ কৰে যে হাস্পতালখনৰ কৰ্মচাৰীয়ে তেওঁলোকৰ পুত্ৰ সন্তানটিৰ হাতত থকা ষ্টিকাৰ অন্য এগৰাকী দম্পতীৰ কন্যা সন্তানৰ হাতত লগাই কন্যা সন্তানটি তেওঁলোকক ঘূৰাই দিয়ে। হাস্পতালখনৰ কৰ্তৃপক্ষই কিন্তু এই অভিযোগ অস্বীকাৰ কৰি কন্যা সন্তানটি তেওঁলোকৰ বুলি দাবী কৰে।

ইয়াছমিন বেগম আৰু নুৰ ইছলামৰ পৰিয়ালৰ লোকে কন্যা সন্তানটি ল’বলৈ অমান্তি হোৱাত পৰৱৰ্তী সময়ত হাস্পতালখনৰ কৰ্তৃপক্ষই তেওঁলোকৰ পুত্ৰ সন্তানটি ঘূৰাই দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। ঘটনাটোত কিবা এটা ৰহস্য থকা বুলিও জানিবলৈ দিয়ে পৰিয়ালটোৱে।