আজিজ আলী
নলবাৰী : ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। বান সাহাৰ্য্য প্ৰদানত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ নেতা গৰাকীৰ। অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ। পশ্চিম নলবাৰীত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ অসম তৃণমূল কংগ্ৰেছৰ।

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁও বানৰ কবলত। বুঢ়াদিয়া, মৰাপাগলদিয়া আৰু কানাইখুন্দা নৈৰ প্ৰলয়ংকাৰী বানত ডুব গৈ আছে পশ্চিম নলবাৰীৰ কুৰিখনতকৈও অধিক গাঁও। বান প্ৰভাৱিত গাঁও সমূহৰ কেইবাহাজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে।খোৱা পানী, খাদ্য, চিকিৎসা সেৱাৰ অভাৱে জুৰুলা কৰিছে বানাক্ৰান্ত সকলক।

দুৰ্যোগৰ এই সময়ত পশ্চিম নলবাৰীৰ বানপিড়ীত ৰাইজৰ খবৰ ল’লে অসম তৃণমূল কংগ্ৰেছৰ এটি সজাতি দলে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সম্পাদক দিগন্ত ভূষণ বৰ্মন, মোহবুব আলম, মহিলা নেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত শোলমাৰা, আমনি আদি অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে অসম তৃণমূল কংগ্ৰেছৰ দলটোৱে। পশ্চিম নলবাৰীৰ বহু বানাক্ৰান্ত ৰাইজে ঘৰ এৰি পথৰ কাষত, বিদ্যালয়, মন্দিৰ আদিত আশ্ৰয় লৈ আছে।

অসম তৃণমূল কংগ্ৰেছৰ দলটোৱে প্ৰথমে দক্ষিণ কঠলাৰ চামতা-সৰ্থেবাৰী পথৰ কাষত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ পিছত আমনি আৰু অন্যান্য বান প্ৰভাৱিত অঞ্চলৰ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে দলটোৱে। অসমৰ ভয়ংকৰ বানপানীৰ সময়ত আপোন ঘৰখনৰ এৰি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত সকলক খাদ্য সামগ্ৰী যোগান ধৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

বানক্ৰান্ত ৰাইজক সহায়ৰ পৰিবৰ্তে বিপদৰ এই সময়তো মুখ্যমন্ত্ৰীয়ে কথাৰ ফুলজাৰি মাৰি থকা বুলীও অভিযোগ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। অসমলৈ ঘনাই দৌৰ মৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আন মন্ত্ৰী অথবা কেন্দ্ৰীয় নেতাই অসমৰ এই দুৰ্যোগৰ সময়ত অসমলৈ বান পৰিস্থিতিৰ বুজ ল’বলৈ ন’হাটো দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে ৰিপুণ বৰাই। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীও জনায় ৰিপুণ বৰাই।