ৰঙিয়া : বাঢ়নী পানীত পৰি পুনৰ এজন যুৱকৰ মৃত্যু। ৰঙিয়াত বাঢ়নী পানীত পৰি পুনৰ এজন যুৱকৰ কৰুণ মৃত্যু। পথাৰত জাল চাবলৈ গৈ বাঢ়নী পানীত পৰি মৃত্যু হয় নীলমণি ডেকা নামৰ ২৮ বছৰীয়া যুৱক এজনৰ।

ৰাজ্যৰ বান পতিস্থিতি অপৰিবৰ্তিত। সংহাৰী ৰূপ ধাৰণ কৰা বানপানীত ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। কিছুদিন পূৰ্বে কামৰূপ জিলাৰ ৰঙিয়াত বানৰ পানীয়ে উটুৱাই নিয়াত দুজনকৈ যুৱক মৃত্যুৰ মুখত পৰিছিল।

দেওবাৰে বানৰ পানীয়ে উটুৱাই নিয়া যুৱক দুজনৰ এজনৰ মৃতদহে সোমবাৰে আৰু এজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয়। ৰঙিয়াৰ দুজনকৈ যুৱক বাঢ়নী পানীত পৰি মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে পুনৰ এজন যুৱকে বাঢ়নী পানীত পৰি প্ৰাণ হেৰুৱালে।

মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই কৰুণ ঘটনা। জানিব পৰা মতে ৰঙিয়াৰ বৰমুৰাৰ নীলমণি ডেকা নামৰ ২৮ বছৰীয়া যুৱকজনে দুপৰীয়া ভাত খাই পথাৰত জাল চাবলৈ গৈ সন্ধানহীন হৈ পৰে। অৱশেষত দীৰ্ঘসময় পিছত পৰিয়ালৰ লোকে যুৱকজনৰ মৃতদেহ পাথৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে।

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পথাৰৰ পানীৰ মাজৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ৰঙিয়া বৰমুৰাৰ প্ৰয়াত উপেন ডেকা আৰু দময়ন্তী ডেকাৰ পুত্ৰ নীলমণি ডেকাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।