নিউজ ডেস্ক : ত্ৰিপুৰা দৃষ্টিহীন ক্ৰিকেট সন্থা (Tripura Blind Cricket Association) আৰু সদৌ ত্ৰিপুৰা দৃষ্টিহীন সমিতিৰ উদ্যোগত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ নৰসিংহগড় পঞ্চায়ত খেলপথাৰত শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আন্তঃৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা ২০২২ৰ প্ৰথম দিনৰ উদ্বোধনী খেলত অসম দলে ত্ৰিপুৰাক ৮ উইকেটত পৰাজিত কৰে। প্ৰথমে বেট ধৰি ত্ৰিপুৰাই ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অসম দলক জয়ৰ বাবে ১৪৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।

প্ৰত্যুত্তৰত ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বৰ অসম দলটোৱে দুটা উইকেট হেৰুৱাই ১৬ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অসম দলৰ হৈ মঞ্জিত চৌধুৰীয়ে ৭৬ ৰাণ আৰু হোমেন বুঢ়াগোঁহাইয়ে ২৮ ৰাণ কৰি অপৰাজিত হৈ ৰয়। অসমৰ মঞ্জিত চৌধুৰীয়ে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰে। অসম দলৰ টিম মেনেজাৰ হিচাপে অংশ লৈছে ৰঞ্জন গোস্বামীয়ে। উল্লেখযোগ্য যে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত পূব ত্ৰিপুৰাৰ সাংসদ ৰেৱতী মোহন, বামুতিয়া সমষ্টিৰ বিধায়ক কৃষ্ণধন দাস আৰু ত্ৰিপুৰাৰ ক্ৰীড়া আৰু যুৱকল্যান বিভাগৰ সঞ্চালক সুবিকাশ দেৱবাৰ্মা আৰু ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

ইফালে উপযুক্ত প্ৰশিক্ষণ আৰু কোনো ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতা আৰু সহায় অবিহনে অসমৰ দৃষ্টিহীন ক্ৰিকেট দলটোৱে প্ৰদৰ্শন কৰা এই উন্নত খেলক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ সভাপতি (স) তথা আহ্বায়ক ভৃগু বৰঠাকুৰে। তেওঁ কয় যে বহু সীমিত সা-সুবিধাৰ মাজেৰে অসমৰ দৃষ্টিহীন ক্ৰিকেট খেলুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমেৰে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে দলটোৱে ভৱিষ্যত সময়ত অসমৰ নাম এনেকৈয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তুলিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ পূৰ্বে দলটোৱে ছত্তিশগড়ত অনুষ্ঠিত নাগেশ ট্ৰফীৰ যোগ্যতা নিৰ্ণয়কাৰী খেলতো উৎকৃষ্ট প্ৰদৰ্শন কৰিছিল।