যোৰহাট : পুনৰ এগৰাকী চৰকাৰী বিষয়া পৰিছে জালত (One More Government Employee Caught)। উৎকোচ লৈ হাতে লোটে জালত পৰিছে এগৰাকী চৰকাৰী বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পৰিল এগৰাকী চৰকাৰী বিষয়া।

ইজনৰ পিছত সিজন চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান চলি থকাৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু বিষয়াই স্বভাৱ সলনি কৰিব পৰা নাই। শনিবাৰে বিশ্বকৰ্মা পূজাৰ দিনাই পুনৰ এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই।

দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ দাবী কৰা এগৰাকী মহিলা ঔষধ পৰিদৰ্শক গ্ৰেপ্তাৰ কৰে। যােৰহাট জিলাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাক উৎকোচ লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিনিময়ত উৎকােচ দাবী কৰিছিল যোৰহাটৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাই।

জানিব পৰা মতে জাহ্নৱী কলিতা নামৰ ঔষধ পৰিদৰ্শক গৰাকীয়ে এজন লোকৰ পৰা ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিনিময়ত উৎকােচ দাবী কৰিছিল আৰু উৎকোচৰ ধন লৈ থকা অৱস্থাত হাতে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে। যোৰহাটৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত শনিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই জাহ্নৱী কলিতাক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে অভিজানকাৰী দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে যোৰহাটৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত অধিক তথ্যৰ বাবে জাহ্নৱী কলিতাক জেৰা চলাই আছে। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে এই অভিযান সন্দৰ্ভত টুইটযোগে জানিবলৈ দিয়ে। উল্লেখ্য যে বিগত সময়ছোৱাত কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।