গুৱাহাটী, ৪ ফেব্ৰুৱাৰী, ২০২৪ : চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ (Kenny Basumatary) শেহতীয়া নিৰ্দেশনা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনাৰে নিৰ্মিত ছবি ‘জিয়া’ই প্ৰাগ চিনে এৱাৰ্ডৰ ২০২৪ ৰ শেহতীয়া সংস্কৰণত ১৬ টাকৈ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাগ চিনে এৱাৰ্ডত ‘জিয়া’ই শ্ৰেষ্ঠ ছবিৰ মনোনয়ন লাভ কৰাৰ উপৰিও শ্ৰেষ্ঠ পৰিচালক (কেনি বসুমতাৰী), শ্ৰেষ্ঠ অভিনেতা (ৰিকি শৰ্মা), শ্ৰেষ্ঠ অভিনেত্ৰী (শৰ্মিষ্ঠা চক্ৰৱৰ্তী), শ্ৰেষ্ঠ সহ-অভিনেতা (উদয়ন দুৱৰা উদী), শ্ৰেষ্ঠ সহ- অভিনেত্ৰী (ঈপ্সিতা হাজৰিকা), শ্ৰেষ্ঠ সংগীত পৰিচালক (অম্বৰ দাস), শ্ৰেষ্ঠ নেপথ্য সংগীত (অম্বৰ দাস) আৰু শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ (অংগৰাগ পাপন মহন্ত) মনোনয়ন লাভ কৰিছে।

ইয়াৰ উপৰিও, ছবিখনৰ আন দুগৰাকী নেপথ্য শিল্পী ক্ৰমে- মৈত্ৰেয়ী পাটৰ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে লাভ কৰিছে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ মনোনয়ন। তদুপৰি ছবিখনে শ্ৰেষ্ঠ কষ্টিউম ডিজাইন (ঈপ্সিতা হাজৰিকা), শ্ৰেষ্ঠ সম্পাদনা (ৰক্তিম ৰঞ্জন বসুমতাৰী), শ্ৰেষ্ঠ গীতিকাৰ (স্বপ্ন জ্যোতি থেঙাল), শ্ৰেষ্ঠ শিশু শিল্পী (আৰাধ্যা মহন্ত) আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপৰ (কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তী) শিতানতো মনোনয়ন লাভ কৰিছে। শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ চিত্ৰনাট্য আৰু আৰু প্ৰযোজনাৰে নিৰ্মিত ‘জিয়া’ হৈছে এগৰাকী মহিলা (জিয়া)ৰ সংগ্ৰামৰ কাহিনী, যিয়ে বিয়াৰ পিছত সন্মুখীন হোৱা নিৰ্যাতনৰ পৰা পলায়ন কৰি কন্যা নূপুৰৰ সৈতে একক মাতৃত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

সমাজৰ বিচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি জিয়াই নিজৰ দুৰ্বলতাক হাঁহিৰ মুখাৰ আঁৰত ঢাকি ৰাখে। জিয়াৰ এই সংগ্ৰামত তেওঁৰ সৈতে ছাঁৰ দৰে থিয় হৈ থাকে তেওঁৰ আটাইতকৈ ভাল বান্ধৱী পল্লৱী। বিতুষ্ট হৈ পৰা চাকৰিটো এৰি জিয়াই পল্লৱীৰ কৰ্মক্ষেত্ৰত শান্তিৰ সন্ধান কৰে আৰু তাতেই অমায়িক স্বভাৱৰ অভিৰ সৈতে দেখাদেখি হয় জিয়াৰ। ছবিখনে প্ৰাগ চিনে এৱাৰ্ডৰ বাবে কেইবাটাও মনোনয়ন লাভ কৰাৰ পিছত আনন্দ ব্যক্ত কৰি ছবিখনৰ চিত্ৰনাট্যকাৰ, অভিনেত্ৰী তথা প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “এগৰাকী প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ হিচাপে জিয়া মোৰ প্ৰথম প্ৰচেষ্টা। আমাৰ এই প্ৰথম প্ৰচেষ্টাই ২০২৪ চনৰ প্ৰাগ চিনে এৱাৰ্ডত মুঠ ১৬ টাকৈ মনোনয়ন লাভ কৰাত সঁচাকৈয়ে উৎফুল্লিত হৈ পৰিছোঁ। এই সন্মানৰ চূড়ান্ত ঘোষণাৰ বাবে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি আছো।’’

ইফালে ‘জিয়া’ৰ মনোনয়নৰ খবৰ লাভ কৰাৰ পিছত উল্লাস ব্যক্ত কৰি ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে কয়, “শৰ্মিষ্ঠা বসুমতাৰীৰ অবৰ্ণনীয় অভিনয় আৰু সংগীতৰ বাবে মনোনয়ন লাভ কৰিব বুলি মই আশা কৰিছিলোঁ। কিন্তু ছবিখনে ১৬ টাকৈ মনোনয়ন লাভ কৰাৰ খবৰ সঁচাকৈয়ে আমাৰ বাবে অতি সুখদায়ক।’’ উল্লেখ্য যে, ২০২৩ চনৰ ১৫ ডিচেম্বৰত জ্যোতি চিত্ৰবনত অনুষ্ঠিত অষ্টম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত অভূতপূৰ্ব দৰ্শকৰ উপস্থিতিত ‘জিয়া’ৰ প্ৰথম প্ৰিমিয়াৰ সম্পন্ন হৈছিল।

চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আত্মপ্ৰকাশৰ কথা উল্লেখ কৰি শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে কয়, “এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ মোৰ সপোন আছিল। মোৰ চৌপাশে সদায় দেখি থকা একক মাতৃসকলৰ কাহিনীৰ ওপৰত ভিত্তি কৰি এখন চিত্ৰনাট্য লিখাৰ কথা ভাবিলোঁ। তাৰ পিছত মই কেনেবাকৈ দৃশ্যগ্ৰহণৰ বাবে প্ৰয়োজনীয় হোৱা খৰচখিনি যোগাৰ কৰিলোঁ। আৰু তেনেকৈয়ে কেনি বসুমতাৰীৰ সহায়ত আৰু আমাৰ দলটোৰ নিঃস্বাৰ্থ সহযোগিতাৰে আমি এই ছবিখন নিৰ্মাণ কৰিবলৈ সক্ষম হ’লোঁ। অংগৰাগ পাপন মহন্ত, শংকুৰাজ কোঁৱৰ, মৈত্ৰেয়ী পাটৰ, চন্দনা পাঠক, ৰাজ দ্বীপ, স্বপ্ন জ্যোতি থেঙাল, ঈপ্সিতা হাজৰিকা সহিতে এই ছবিখনৰ বাবে মোক সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকীকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সংগীত ব্যৱস্থাপনা ঘৰতে বিনামূলীয়াকৈ সম্ভৱ হৈছিল। মোৰ স্বামী অম্বৰ দাসেই গীত ৰচনা কৰিছিল, প্ৰযোজনা কৰিছিল আৰু নেপথ্য সংগীত দিয়াৰ দায়িত্ব লৈছিল। সকলোৰে পৰা লাভ কৰি চৰ্তহীন মৰম আৰু সমৰ্থনৰ বাবেই এই ছবিখনৰ নিৰ্মাণ সম্ভৱ হৈছিল।”

ছবিখনৰ সংগীত দিছে অম্বৰ দাসে। আনহাতে ডি অ’ পি সূৰুজ ডেকাৰ আৰু সম্পাদনা কৰিছে ৰক্তিম ৰঞ্জন বসুমতাৰীয়ে। ‘জিয়া’ত মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, ৰিকি শৰ্মা, ঈপ্সিতা হাজৰিকা আৰু শিশু শিল্পী আৰাধ্যা মহন্তই। ছবিখনত থকা আন আন সহযোগী অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে উদয়ন দুৱৰা, মনোজ বৰকটকী, পদ্মৰাগ গোস্বামী, অমিতাভ ৰাজখোৱা, মালা গোস্বামী, পৰাণী চৌধুৰী, কৌশিক ভৰদ্বাজ, সিদ্ধাৰ্থ মুখাৰ্জী, অড্ৰে হাতীবৰুৱা, আৰিফ আলী, মিন্টু বৰুৱা, প্ৰয়াস তামুলী, টুলটুল বৰুৱা, অনুষ্কা কাশ্যপ, ৰেণু দেৱী চক্ৰৱৰ্তী, অশ্ৰু মনি বৰা, বিৰিণা পাঠক চক্ৰৱৰ্তী, জয়িতা সেন, ডেইজী বৰ্মন, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, অম্বৰ দাস আৰু প্ৰত্যুষ বৰুৱা।

আনহাতে, কৰ্মীদলৰ সদস্যসকলৰ ভিতৰত সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ, লাইন প্ৰযোজক অনুপম বৈশ্য, প্ৰডাকচন মেনেজাৰ বিভাষ সিনহা অন্যতম। ছবিখনৰ কষ্টিউম ডিজাইন কৰিছে ঈপ্সিতা হাজৰিকাই, মেকআপ জাৰা জ্যাৰ, কালাৰ অভিষেক নাৰায়ণ শৰ্মা আৰু ৰক্তিম ৰঞ্জন বসুমতাৰীৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে ধনজিৎ দাসে। ‘জিয়া’ৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে কেনি বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে৷
অতি শীঘ্ৰে ‘জিয়া’ই ছবিগৃহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।