গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় চুইচ মাচাজ চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন (Anamika Barman Das)। লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়োৰো প্ৰশিক্ষক আছিল অনামিকা বৰ্মন দাস।

প্ৰথম অসমীয়া এমটিভি ৰ’ডি অনামিকা বৰ্মন দাসে অহা ২৯ আৰু ৩০ এপ্ৰিলত চুইজাৰলেণ্ডত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে। উক্ত গ্ৰেণ্ড ইভেণ্টত অসম, উত্তৰ-পূৱৰ লগতে দেশক প্ৰতিনিধিত্ব কৰিব অনামিকা বৰ্মন দাসে।

শনিবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি এই কথা ব্যক্ত কৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰতিযোগী অনামিকা বৰ্মন দাসে। অনামিকা বৰ্মন দাসে কয় যে আন্তঃৰাষ্ট্ৰীয় চুইছ মাচাজ চেম্পিয়নশ্বিপ সম্পৰ্কে দেশত এতিয়াও বহু লোক জ্ঞাত নহয়। কিন্তু বাহিৰৰ দেশত এই প্ৰতিযোগিতা অতি বৰ্ণাঢ্যভাৱে অনুষ্ঠিত কৰা হয়। ইপিনে, নিজৰ গাঁঠিৰ ধন ভাঙি এক ব্যয়বহুল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’বলৈ আগবঢ়া অনামিকা বৰ্মন দাসে বিচাৰিছে চৰকাৰ আৰ্থিক সাহাৰ্য্য।

উল্লেখ্য যে বৰ্তমান গুৱাহাটীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ স্পৰ্টছ মাচাজ থেৰাপিষ্ট হিচাপে কৰ্মৰত অনামিকা বৰ্মন দাসৰ তত্বাৱধানত আছিল তাৰকা খেলুৱৈ লাভলীনা বৰগোঁহাই, হিমা দাস, অংকুশিতা বড়ো, যমুনা বড়োৰ লগতে অসমৰ কেইবাগৰকী খেলুৱৈ। অনামিকা বৰ্মন দাসৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।