লিডু : অৱশেষত সাফল্য লাভ কৰিলে অসম আৰক্ষীয়ে। দীর্ঘদিন ধৰি অভিযান চলাই অসম আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰাঞ্জল মৰাণৰ (Pranjal Moran) মৃতদেহ। লিডুৰ কয়লা খনিৰ পৰা শুকুৰবাৰে উদ্ধাৰ হয় প্ৰাঞ্জল মৰাণৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে প্ৰাঞ্জল মৰাণৰ আত্মীয়ে আচল যুজঁ এতিয়া আৰম্ভ হ’ব বুলি হুংকাৰ দিয়ে।

তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত শ্ৰমিৰ হিচাপে কৰ্মৰত প্ৰাঞ্জল মৰাণ নামৰ যুৱকজন প্ৰায় তিনি মাহ পূৰ্বে কয়লা খনিত কৰ্মৰত অৱস্থাৰ পৰাই সন্ধানহীন হৈছিল। ইয়াৰ পিছতে সন্ধানহীন স্বামীৰ সন্ধান বিচাৰি যুঁজ আৰম্ভ কৰিছিল প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে। স্বামীৰ সন্ধান বিচাৰি গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙকো সাক্ষাৎ কৰিছিল উৰ্বশী মৰাণে।

উৰ্বশী মৰাণে আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধানে আৰক্ষীক প্ৰাঞ্জল মৰাণৰ সন্ধানত অভিযান তীব্রতৰ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে লিডুৰ কয়লা খনিত চলিছিল আৰক্ষীৰ তীব্ৰ অভিযান। আৰক্ষী, এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীৰ বৃহৎ দল এটা প্ৰাঞ্জল মৰাণৰ মৃতদেহ বিচাৰি লিডুৰ কয়লা খনিত নামি পৰিছিল। বতৰ বেয়া হোৱাৰ বাবে উদ্ধাৰকাৰী দলটো সমস্যাৰ সন্মুখীন হৈছিল যদিও অৱশেষত শুকুৰবাৰে সফলতা লাভ কৰে দলটোৱে।

প্ৰায় তিনি মাহ পিছত লিডুৰ কয়লা খনিত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰাঞ্জল মৰাণৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আই জি পি জিৎমল দলে প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণক মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ দিয়ে। প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ খবৰ পাই শোকত ভাঙি পৰে পত্নী উৰ্বশী মৰাণৰ লগতে পৰিয়ালৰ লোকে। উৰ্বশী মৰাণ আৰু পৰিয়ালৰ লোকে মৃতদেহ উদ্ধাৰ হোৱা অঞ্চললৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ ফালৰ পৰা জানিব পৰা গৈছে যে সন্ধিয়াৰ ভাগতে পৰিয়ালৰ লোকক প্ৰাঞ্জল মৰাণৰ মৃতদেহ সমজাই দিয়া হ’ব। ইফালে প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ লোকে আজিৰ পৰাই আচল যুঁজ আৰম্ভ হোৱা বুলি হুংকাৰ দিছে। কয়লা মাফিয়াৰ বিৰুদ্ধে প্ৰাঞ্জল মৰাণৰ পৰিয়ালৰ লোকে যুঁজ চলাই যাব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে চলিত বৰ্ষৰ ১২ জানুৱাৰিৰ পৰা মাকুমৰ শুকানী গাঁৱৰ ২৪ বছৰীয়া প্ৰাঞ্জল মৰাণ লিডুৰ কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল।