কলগাছিয়া : পুনৰ চিকিৎসকৰ ওপৰত আক্ৰমণ (Attack on Doctor)। বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ ওপৰত আক্ৰমণ। একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলালে চিকিৎসকৰ ওপৰত। চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উত্তাল প্ৰতিবাদ।

ৰাজ্যত পুনৰ আক্ৰমণৰ বলি হ’ল এজন চিকিৎসক। বৰপেটা জিলাৰ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত আক্ৰমণৰ বলি হৈছে চিকিৎসালয়খনত কৰ্মৰত এজন চিকিৎসক। বাবলু দাস নামৰ কৰ্তব্যৰত এজন চিকিৎসক আক্ৰমণ কৰে কেইজনমান দুষ্কৃতিকাৰীয়ে।

জানিব পৰা মাতে বৃহস্পতিবাৰে পুৱাৰ ভাগত বাবলু দাস নামৰ চিকিৎসকজন আল্ট্ৰাছনোগ্ৰাফী কক্ষত ব্যস্ত হৈ থকাৰ সময়তে ওৱাহাব আলী নামৰ এজন লোক বাবুল দাসক চিকিৎসক জাকিৰ ক’ত বুলি প্ৰশ্ন কৰে। বাবুল দাসে কাষৰ কক্ষত চিকিৎসক জাকিৰক চাবলৈ অথবা ফোন কৰি যোগাযোগ কৰিব ওৱাহাব আলীক উত্তৰ দিয়ে।

ইয়াৰ পিছতে ওৱাহাব আলী নামৰ লোকজন উত্তেজিত হৈ পৰে আৰু বাবুল দাসক কাপোৰত ধৰি আল্ট্ৰাছনোগ্ৰাফী কক্ষৰ পৰা বাহিৰলৈ উলিয়াই আনি আক্ৰমণ কৰে। ওৱাহাব আলীৰ লগতে কেইবাজনো দুষ্কৃতিকাৰীয়ে চিকিৎসক বাবুল দাসক বেয়াকৈ মাৰধৰ কৰে। ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

ইফালে চিকিৎসক বাবুল দাসক দুষ্কৃতিকাৰীয়ে আক্ৰমণৰ কৰাৰ ঘটনাকলৈ চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে দুষ্কৃতিকাৰী কেইজনক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায়। আৰক্ষীৰ এটা দল চিকিৎসালয়খনত উপস্থিত হৈ তিনিজনকৈ দুষ্কৃতিকাৰীক আটক কৰে।