গুৱাহাটী : প্ৰকৃতি প্ৰেমী সকলৰ বাবে ভাল খবৰ। বছৰৰ আৰম্ভণিতে দীপৰ বিলৰ পৰা আহিছে ভাল খবৰ (Good News From Deepor Been)। অস্তিত্ব ৰক্ষাৰ যুঁজ চলাই থকা অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা পক্ষী অভয়াৰণ্য দীপৰ বিলত বৃদ্ধি পাইছে চৰাইৰ সংখ্যা। পূৰ্বে দীপৰ বিলত দেখিবলৈ নোপোৱা কেইবাটাও প্ৰজাতৰি চৰাই আহি এইবাৰ আশ্ৰয় লৈছে পক্ষী অভ্যাৰণখনত।

২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা দুটা দশক অতিক্ৰম কৰিলে যদিও দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ মৰ্যাদা ধৰি ৰাখিব পাৰিব নে নাই এই প্ৰশ্ন বিগত কিছু বছৰ ধৰি উত্থাপন হৈ আছে। ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাঁচকৈ বৈশিষ্টত উত্তীৰ্ণ হোৱা দীপৰ বিলে ক্ৰমাৎ হেৰুৱাবলৈ ধৰিছে এই বৈশিষ্ট্য সমূহ। বিভিন্ন কাৰণত ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ ক্ৰমাৎ হেৰুৱাবলৈ ধৰা পক্ষী অভয়াৰণ্য দীপৰ বিলত চলোৱা এক সমীক্ষাই হাঁহি বিৰিঙাইছে প্ৰকৃতি প্ৰেমী সকলৰ মুখত।

বুধবাৰে পুৱাৰ ভাগৰে পৰা দীপৰ বিলত পক্ষী বিশেষজ্ঞ, বেচৰকাৰী সন্থা আৰু বন বিভাগৰ এটা দলে চৰাইৰ গণনা চলায়। কেইবা ঘণ্টা ধৰি চাল এই চৰাই গণনাৰ ফলাফলে সকলোকে আনন্দিত কৰি তোলে। ২০২২ বৰ্ষৰ তুলনাত এইবাৰ দীপৰ বিলত বৃহৎ সংখ্যক চৰাই দেখিবলৈ পায় চৰাই গণনা কাৰ্যসূচীৰ লগত জড়িত দলটোৱে। এইবাৰ দীপৰ বিলত ১৭ ৰ পৰা ১৮ হাজাৰ চৰাই পোৱাৰ সম্ভানা আছে বুলি চৰাই গণনাৰ লগত জড়িত দলটোৰ একাংশ সদস্যই অনুমান কৰিছে।

চৰাইৰ সংখ্যা আৰু প্ৰজাতিৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ হোৱা নাই যদিও চৰাইৰ সংখ্যাৰ লগতে এইবাৰ দীপৰ বিলত চৰাইৰ প্ৰজাতিৰ সংখ্যাও বৃদ্ধি পোৱাৰ সম্ভানা আছে বুলিও আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত দীপৰ বিলত চলোৱা চৰাই গণনাত ৬৬ টা প্ৰজাতিৰ ১০ হাজাৰতকৈও অধিক চৰাই পোৱা গৈছিল। ২০০২ চনত ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃত লাভ কৰাৰ সময়ত দীপৰ বিলত এদিনতে ২৯১ টা প্ৰজাতিৰ ১৯ হাজাৰ চৰাই পোৱা গৈছিল। সময়ৰ সোঁতত দীপৰ বিলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাত পক্ষী অভয়াৰণ্যখনত হ্ৰাস পাবলৈ ধৰিছিল চৰাইৰ সংখ্যা।

দীপৰ বিল বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ আশ্ৰয়স্থলী।
বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাইৰ বাসস্থান দীপৰ বিলৰ সৌন্দৰ্য্যই শীতৰ আগমনৰ লগে লগে কেইবাগুণ বৃদ্ধি পায়। প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত দীপৰ বিলত আশ্ৰয় ল’বলৈ আহে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই। দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে থকা ৯ টাকৈ বৈশিষ্ট্যৰ ভিতৰত পাঁচটা বৈশিষ্ট্যত উত্তীৰ্ণ হৈছিল। এইবাৰ দীপৰ বিলত চৰাইৰ সংখ্যা বৃদ্ধি পোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলৰ লগতে বন বিভাগক।