মুকালমুৱা : মুকালমুৱাত পুনৰ সাংবাদিকক আক্ৰমণ। মুকালমুৱাৰ সাংবাদিক আজিজ আলীক আক্ৰমণ। অবৈধ কাঠ ফলা মিলৰ বাতৰি কৰিবলৈ যাওঁতে সাংবাদিক আজিজ আলীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। আৰক্ষী, চক্ৰ বিষয়া আৰু বন বিভাগৰ সন্মুখতে সাংবাদিক আজিজ আলীৰ ওপৰত চলিল আক্ৰমণ। গুৰুত্বৰভাৱে আহত সাংবাদিক আজিজ আলী এদিনৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয়।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ সাপ্তাহিক বজাৰ গৃহৰ সমীপতে থকা এটা অবৈধ অনুজ্ঞাপত্ৰ বিহীন কাঠফলা মিলত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া উদয় শংকৰ দত্তৰ লগতে আঞ্চলিক বন বিষয়া আৰু মুকালমুৱা আৰক্ষী থানাৰ এটি দলে মিলটো জব্দ কৰাৰ সময়ত ৰাইজৰ লগত বাক বিতণ্ড চলি থকাৰ সময়তে সাংবাদিক আজিজ আলীয়ে বাতৰিটো সংগ্ৰহ কৰিবলৈ যাওঁতে কেইজনমান উদণ্ড যুৱকৰ দলে সাংবাদিক আজিজ আলীক আক্ৰমণ কৰে। দলটোৱে সাংবাদিক আজিজ আলীক বুকু, মাথাত আঘাত কৰাৰ লগতে গোৰ মাৰি পেলাই দিয়াৰ ফলত থিতাতে ঢলি পৰে সাংবাদিক গৰাকী।

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় সাংবাদিক আজিজ আলী। আহত সাংবাদিক গৰাকীক এদিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এজন ৰাজহ চক্ৰ বিষয়া, এজন আঞ্চলিক বন বিষয় , মুকালমুৱা আৰক্ষী থানাৰ এজন উপ পৰিদৰ্শকৰ লগতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত থকাৰ পিছতো সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাই এতিয়া ৰাইজৰ চকু কপালত তুলিছে। যত আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখতে সাংবাদিকক আক্ৰমন কৰিব পাৰে, তাতে প্ৰশাসনে ৰাইজক কি নিৰাপত্তা দিব বুলিও প্ৰশ্ন তুলিছে বিভিন্ন জনে। আৰক্ষীয়ে পৰৱৰ্ত্তী সময়ত এই সন্দৰ্ভত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।