ৰূপহীহাট : ৰাজ্যত পুনৰ সংঘটিত হৈছে ধর্ষণকাণ্ড। পুনৰ এজন লম্পট বৃদ্ধৰ দ্বাৰা ধৰ্ষিতা হ’ল এগৰাকী কিশোৰী। ভয়-ভাবুকি দেখুৱাই কেইবাবাৰো ধর্ষণ কৰা হয় কিশোৰী গৰাকীক। ধৰ্ষিতা কিশোৰী গৰাকী বৰ্তমান চাৰি মাহৰ গৰ্ভৱতী।

মৰিগাঁও জিলাত পঠা নামৰ এজন লম্পট বৃদ্ধই এগৰাকী ৯ বছৰীয়া শিশুক ধর্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে দেশ কঁপাই গৈছিল। এই জঘন্য কাণ্ড সংঘটিত কৰা পঠা আৰক্ষীৰ জালত যদিও এনে বহু পঠাৰূপী দানবৰ হাতত এতিয়াও চিকাৰ হৈ আছে কিশোৰী সকল।

নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত গড়াজানৰ ফুটলজাৰ গাঁৱত পুনৰ এক পঠাৰ কুকৰ্ম পোহৰলৈ আহিছে। পুনৰ ৬০ বছৰীয়া বৃদ্ধৰ হাতত ধৰ্ষিতা হ’বলগীয়া হৈছে এগৰাকী কিশোৰী। হবিবুৰ ৰহমান নামৰ ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী।

লম্পট বৃদ্ধা হবিবুৰ ৰহমানে ধর্ষণ কৰা কিশোৰী গৰাকী ৪ মাহৰ গৰ্ভৱতী। প্ৰায় ৪ মাহৰ পূৰ্বে কিশোৰী গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট হবিবুৰ ৰহমানে কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ লগতে এই কথা কাকো নকবলৈও ভাবুকি দিছিল। পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক বিয়াৰ প্ৰলোভন দি হবিবুৰ ৰহমানে কেইবাবাৰো কিশোৰী গৰাকীক ধর্ষণ কৰে।

বৰ্তমান কিশোৰী গৰাকী ৪ মাহৰ গৰ্ভৱতী হোৱা খবৰটো বিয়পি পৰাত লম্পট হবিবুৰ ৰহমানে ঘৰ এৰি পলায়ন কৰিছে। ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে লম্পট হবিবুৰ ৰহমানৰ বিৰুদ্ধে শনিবাৰে গড়াজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। গড়াজান আৰক্ষীয়ে গোচৰটো ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।