গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৩১ অক্টোবৰ : গান্ধীজীয়ে মত প্ৰকাশ কৰিছিল যে শিশুৱে এবিধ উপযুক্ত হস্ত-শিল্পৰ যোগেদিয়ে তাৰ শিক্ষা আৰম্ভ কৰিব লাগে। শিশুৱে স্কুলত শিক্ষা আৰম্ভ কৰা সময়ৰে পৰা তাৰ শিক্ষা উৎপাদনমুখী কৰি তোলাৰ ধাৰণা সেইয়া দিব লাগে । গান্ধীজীয়ে বিশ্বাস কৰিছিল যে ব্যক্তিৰ দেহ-মন আৰু আত্মাৰ সৰ্বোচ্চ বিকাশ এই হস্ত-শিল্পৰ যোগেদিহে সম্ভৱ হৈ উঠিব পাৰে। সেয়েহে তেওঁ হস্ত-শিল্প ছাত্ৰসকলৰ বৌদ্ধিক আৰু নৈতিক বিকাশৰ আহিলা বা উপায় স্বৰূপেও প্ৰয়োগ কৰিছিল। হয়তো এই কথা সাৰোগত কৰিয়েই সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা বুনিয়াদী শিক্ষা গ্ৰহণৰ বাবে অসমত উপস্থিত হ’ল এগৰাকী কিশোৰী ।

অষ্ট্ৰেলিয়াৰ কিশোৰী মেভ কেলী । বিশেষ কিবা এটা কৰাৰ হেঁপাহত, কিবা এটা শিকোৱাৰ মানসত আৰু নিজেও শিকাৰ মনোভাৱেৰে মাতৃৰ লগত অসমত উপস্থিত এই গৰাকী ১২ বছৰীয়া কিশোৰী। শিক্ষাৰ আদান-প্ৰদান কৰিবলৈ মহানগৰীৰ পামহীত অৱস্থিত পাৰিজাত বিদ্যালয়ত উপস্থিত এই কিশোৰীগৰাকী ।

প্ৰায় এসপ্তাহ ধৰি উত্তম টেৰণৰ পামহীস্থিত পাৰিজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজী, সাধাৰণ জ্ঞান , ছবি অঁকা আদি শিকাই নিজেও তাঁতশালত কাপোৰ বোৱা শিকিছে।

উল্লেখযোগ্য যে ২০০৩ চনত এটা গোহালি ঘৰত এজোৰ ডেস্ক বেঞ্চৰ পৰাই আৰম্ভ হৈছিল এখন বিদ্যালয়। পাছত পাৰিজাত একাডেমি নামকৰণ কৰি গঢ় লৈ উঠিল প্ৰাক প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ এখন বিদ্যালয়।

এই পাৰিজাত বিদ্যালয়তে ব্যতিক্ৰম কিবা শিকাৰ মানসেৰে সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা আহি আছেহি মেভ কেলী। দৰাচলতে মেভ কেলীয়ে জানিবলৈ আহিছে অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত পৰিৱেশ কেনেকুৱা ।

মেভ কেলীৰ মাতৃ লী নেট কেলী যিয়ে কেইবাৰো অসমলৈ আহি পামহিৰ এই বিদ্যালয়খনৰ প্ৰতি অভিভূত হৈ পৰিছে আৰু সেয়ে জীয়ৰী মেভ কেলীকো অসমৰ এই পৰিৱেশৰ প্ৰতি চিনাকি কৰি দিয়াবলৈ লগতে অসমৰ পৰা লৈ যোৱা বীজ নিজ মাতৃভূমিত ৰোপন কৰিবলৈ লৈ আহিছে।

প্ৰায় এসপ্তাহ ধৰি উক্ত বিদ্যালয়খনত বুনিয়াদী শিক্ষা গ্ৰহণ কৰি নিজকে সৌভাগ্যবান বুলি কয় কিশোৰীগৰাকীয়ে।

বিদ্যালয়সমূহ কেৱল অনুষ্ঠানিক শিক্ষা প্ৰদান অৰ্থাৎ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহৰ ওপৰত গুৰুত্ব দিলেই নহয়। তেওঁলোকক বৰ্তমান যুগত বুনিয়াদী শিক্ষাও প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে । তেওঁলোকক ধাৰণা দিব লাগে যে জ্ঞান-অভিজ্ঞতা কেতবোৰ পৃথক পৃথক পুথিগত আৰু তাত্ত্বিক বিষয় নহয় , ই হৈছে আমাৰ বাস্তৱ আৰু ব্যৱহাৰিক জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতাৰ লগত সম্বন্ধযুক্ত। শিক্ষাদানৰ এনে এক প্ৰচেষ্টাই ছাত্ৰসকলৰ মনোযোগ, আগ্ৰহ আৰু ইচ্ছাকৃত সহযোগিতাৰ মনত জগাই তুলিব পাৰে।