গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত কৰুণ মৃত্যুক সাৱটি লোৱা মৃতকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ২ নং ছাত্ৰাবাসৰ ছাত্ৰসকলে।

ছাত্ৰবাসৰ সমূহ ছাত্ৰসকল একত্ৰিত হৈ সন্ধিয়া ৭ বজাত হোষ্টেল প্ৰাঙ্গনত প্ৰত্যেকে মমবাতি জ্বলায় আৰু ২ মিনিট মৌন প্ৰাৰ্থনাৰে নিহতসকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।

ছাত্ৰবাস প্ৰমুখে এটি সৰু ভাষণৰে সেই অভিশপ্ত দিনটোৰ ক’লা ইতিহাস সকলোৰে আগত ব্যক্ত কৰে আৰু সেই দুৰ্ঘটনাত পতিত লোকসকললৈ তথা তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা যাচে।

ইয়াৰোপৰি এনে ঘটনাৰ পুনৰাবৃত্তি নঘটি ৰাজ্যখনত সুখ- শান্তি বৰ্তি থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। এনেদৰে ছাত্ৰবাসৰ সমূহ ছাত্ৰবৃন্দই মৃতকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।