লখিমপুৰ : দুই কণমানি এনিশা আৰু বৰষাৰ কাষত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। এনিশা আৰু বৰষালৈ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ সহায়ৰ হাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মঙলবাৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকা এনিশা আৰু বৰষাৰ ঘৰত গৈ উপস্থিত হৈছিল।

লখিমপুৰ জিলাৰ ফুলবাৰীৰ শান্তিপুৰ নামে গাঁৱৰ দুগৰাকী পিতৃ-মাতৃহীন কণমানিৰ বিষয়ে সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া কণমানি দুগৰাকীৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াব বুলি মত প্ৰকাশ কৰিছিল। বৃহস্পতিবাৰে পুৱাই ডঃ দিব্যজ্যোতি শইকীয়াই কণমানি দুগৰাকীৰ কাষত উপস্থিত হৈ গৰম বস্ত্ৰ, বহী, কিছু কলম, পেন্সিল আৰু লগতে কিছু পৰিমাণৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

দুটা দশক জুৰি বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি আৰু মানৱতাৰ হকে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শতাধিক বঁটাৰে সন্মানিত হৈছে। পিতৃ-মাতৃহীন এনিশা আৰু বৰষাৰ দুৰ্বিসহ জীৱনগাঁথাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈছিল। কণমানি দুগৰাকীয়ে মুখ্যমন্ত্ৰীক সহায়ৰ বাবে আহ্বান জনোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণমানি দুগৰাকীক সহায়ৰ হাত আগবঢ়ায়।