গুৱাহাটী : দেশৰ আগশাৰীৰ দুচকীয়া বৈদ্যুতিক বাহন নির্মাতা কোম্পানী এথেৰ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হৈছে ই ভি সজাগতা ৰেলী (Awareness Rally)। পূৱ ভাৰতৰ সৰ্ববৃহৎ ই ভি সজাগতা ৰেলীত ১০০ ৰো অধিক লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত এছ এ আৰ এনট্ৰেড প্রাইভেট লিমিটেডৰ স্বত্বাধিকাৰী নীতেশ গোৱেলে কয় যে এথেৰ গুৱাহাটীয়ে পূৱ ভাৰতৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে।

এথেৰ’ৰ গ্ৰাহকসকলৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ এই ধৰণৰ ৰেলীৰ আয়োজন কৰা হৈছে। সেউজ বননিকৰণৰ বাবে গছ পুলি ৰোপণ, পেইণ্ট মাই এথেৰ, এইম দ্য প্রাইজ, ড্রোন ফটোগ্ৰাফী আৰু অটো হিল-হোল্ডৰ প্ৰদৰ্শনে অনুষ্ঠানটো আকৰ্ষনীয় কৰি তোলে। ৰাতিপুৱা ৮-৩০ বজাত ভৰলুমুখৰ সোণাৰাম খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমূহীয়া ৰেলীত ১০০ ৰো অধিক আথেৰৰ লগতে ৪৫০ পৰিসৰ ৰাইডাৰে অংশগ্ৰহণ কৰে। এই সজাগতা ৰেলী এমজি ৰোড, দিঘালিপুখুৰী, উলুবাৰী, জিএছ ৰোড, গণেশগুৰিহৈ দলটোয়ে পুনৰ সোণাৰাম খেল পথাৰত উপস্থিত হয়।

সামৰণি অনুষ্ঠানত অংশগ্রহণকাৰী সকলৰ মাজত অনুষ্ঠিত হয় এক লাকী ড্র খেল। এথেৰ এনার্জীয়ে শেহতীয়াকৈ বৈদ্যুতিক বাহনৰ বাবে এথেৰ ৪৫০ পৰিসৰ বৃদ্ধিৰে নতুনকৈ প্ৰৱৰ্তন কৰিছে। এই সমূহ গুৱাহাটীৰ ৰেলীত প্ৰদৰ্শন কৰা হয়। গ্ৰাহকসকলৰ বাবে ৫ বছৰত ৬০,০০০ কিলোমিটাৰৰ ৱাৰেণ্টি ঘোষণা কৰিছে। এথেৰ’ৰ শেহতীয়া চফ্টৱেৰ এথে ষ্টক ৫.০ আৰু ইউজাৰ ইণ্টাৰফেচ চমুকৈ ইউ আই বিশেষ চৰ্চিত হৈছে যাক ‘উইংছ অফ পাৱাৰ’ বুলি কোৱা হয়। এথে ৪৫০ পৃথিৱীৰ প্ৰথম আৰু একমাত্র স্কুটাৰ যিয়ে গুগলৰ অনবৰ্ড নেভিগেশ্বন প্রণালী ব্যৱহাৰ কৰে।

যোৱা কেইমাহমানত, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বৈদ্যুতিক বাহন গ্ৰহণৰ ক্ষেত্ৰত কেতবোৰ ইতিবাচক দিশৰ কথা উনুকিয়াই আহিছে। সজাগতা ৰেলীৰ অনুষ্ঠানটোৱে পৰিষ্কাৰ আৰু সেউজ শক্তি চালিত বৈদ্যুতিক বাহনৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰে।