গুৱাহাটী: আই আই ই, এন ই ই টি, চি ই ই ইত্যাদিৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে সুখবৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে সংযোজন হ’ল এক নতুন অনলাইন এপ (New App)।

গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম কচিং ইনষ্টিটিউট লালনছ কচিং ইনষ্টিটিউটে এটা নতুন এপ সংযোজন কৰে। এই নতুন এপটোৰ নাম হৈছে এ বি আই ডি আই আই। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত লালনছ কচিং ইনষ্টিটিউট হৈছে একমাত্ৰ বিশ্বাস আৰু নিৰ্ভৰযোগ্য শিক্ষা অনুষ্ঠান। য’ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ সপোনবোৰ বাস্তৱ হোৱা দেখিবলৈ পোৱা যায়। নতুন এপটো হৈছে বৰ্তমান সময়ৰ এক নিৰ্ভৰযোগ্য এপ যিটো ২৪ ঘণ্টাই ছাত্ৰ-ছাত্ৰীৰ কাৰণে মুকলি থাকিব।

ছাত্ৰ-ছাত্ৰীৰ যিমান প্ৰশ্নৰ উত্তৰ নিশ্চিত নহয় অতি কম সময়ৰ ভিতৰতেই এই এপৰ জৰিয়তে সুধিব পাৰিব আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব। যিহেতু প্ৰতি বছৰে লালনছ একাডেমিয়ে ভাল ফলাফল দিবলৈ সক্ষম হয় গতিকে উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্ভৰযোগ্য এপ এ বি আই ডি আই আইয়েও ছাত্ৰ-ছাত্ৰীৰ সপোন ১০০ শতাংশ বাস্তৱ কৰাত সহায়ক হ’ব আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰণে ফলপ্ৰসু হ’ব বুলি আশা প্ৰকাশ কৰিছে একাডেমি কতৃপক্ষই।