গুৱাহাটী : বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয় নাৰেংগীৰ নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত বন্দনা কলিতাক (Bandana Kalita)। আদালতে স্বামী আৰু শাহুৱেকৰ হত্যাৰ অভিযুক্ত বন্দনা কলিতাক ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে আদালতৰ পৰা ৭ দিনৰ বাবে নিজৰ জিম্মালৈ বিচাৰিছিল যদিও আদলতে ৬ দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

সমগ্ৰ ৰাজ্যৰ লগতে দেশ জোকাৰি যোৱা নাৰেংগীৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাক পুনৰ ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৫ দিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্দনা কলিতাক বুধবাৰে আৰক্ষীয়ে পুনৰ আদালতত হাজিৰ কৰে। আৰক্ষীয়ে অধিক তদন্তৰ বাবে আদালতৰ পৰা ৭ দিনৰ বাবে বন্দনা কলিতাৰ জিম্মা বিচাৰিছিল যদিও আদালতে ৬ দিনৰ বাবেহে বন্দনা কলিতাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

অবৈধ প্ৰেম আৰু সম্পত্তিৰ লোভত স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যাৰ অভিযুক্ত বন্দনা কলিতাৰ বুধবাৰে আৰক্ষী জিম্মাৰ ম্যাদ উকলিছিল। প্ৰয়া ৭ মাহ পূৰ্বে বন্দনা কলিতাই প্ৰেমিক আৰু অন্য এজন যুৱকৰ সহযোগত অতি নৃশংসভাৱে স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰি কাটিছিল। শাহুৱেক শংকৰী দে’ক হত্যা কৰাৰ এমাহৰ ভিতৰতে বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ক হত্যা কৰিছিল। হত্যাৰ পিছত মৃতদেহ টুকুৰা টুকুৰ কৰি কাটি মেঘালয়ত পেলাই আহিছিল।

অবৈধ প্ৰেম আৰু সম্পত্তিৰ লোভত বন্দনা কলিতাই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে ইতিমধ্যে বন্দনা কলিতাৰ শাহুৱেক শংকৰী দে আৰু স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ অংগ মেঘালয়ৰ পৰা উদ্ধাৰ কৰিছে। বন্দনা কলিতাৰ লগতে এই নৃশংস হত্যাকাণ্ডত বন্দনা কলিতাক সহযোগ কৰা দুয়োজন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে ৫ দিন পুর্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্দনা কলিতাক আদালতত হাজিৰ কৰাত আদালতে তদন্তৰ বাবে বন্দনা কলিতাক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। বুধবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাত আৰক্ষীয়ে পুনৰ বন্দনা কলিতাক আদালতত হাজিৰ কৰি অধিক তদন্তৰ বাবে নিজৰ জিম্মালৈ বিচাৰিছিল। আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে আৰক্ষীয়ে বন্দনা কলিতাক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিছিল।