এসপ্তাহত উছন ১৫ পৰিয়ালৰ ভেঁটি-মাটি

কলগাছিয়া, ১৩ জুলাইঃ বৰপেটাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বানপানীৰ পিছত গৰাখহনীয়াই সংহাৰী ৰূপ লৈছে। কলগাছিয়া ৰাজহ চক্ৰৰ বৰডাংগাত বেকী নদীৰ বানপানী কিছু পৰিমানে কমিছে যদিও আৰম্ভ হৈছে বিধংসী গৰাখহনীয়া। উল্লেখ্য যে, বেকী নদীয়ে এটা সপ্তাহত ১৫টাকৈ পৰিয়ালৰ ভেঁটি-মাটি উছন কৰাৰ লগতে কলগাছিয়া-টেঙাগাঁও গড়কাপ্তানী পকী পথৰ আধা কিলোমিটাৰ পথ নৈৰ বুকুত জাহ গৈছে। খহনীয়াত গৃহহীন হোৱা পৰিয়ালৰ সমূহৰ লগতে বানপানীত আক্ৰান্ত হোৱা জমেৰকুৰ, খাটাকুছি আৰু বৰডাংগা গাঁৱৰ দুই শতাধিক পৰিয়াল নৱনিৰ্মিত বৰডাংগা মাথাউৰিত আশ্ৰয় লৈছে৷ কিন্তু বৰ্তমানলৈ বান সাহাৰ্য্য পাবলৈ সক্ষম হোৱা নাই বানাক্ৰান্তই। বেকী নৈৰ খহনীয়াৰ ভাবুকিত পানীৰ মাজতে ঘৰৰ সামগ্ৰী লৈ ওখ ঠাই বিচাৰি ক্ষতিগ্ৰস্থই হাহাকাৰত কৰিবলগীয়া হৈছে। আনহাতে কামাৰপাৰা- বৰডাংগা মথাউৰি লৈও বেকী নদীৰ বানপানী আৰু খহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। মাথাউৰিৰ তলেদি অহৰহ পানী নিৰ্গত হোৱাত ইয়াৰে কেবাটাও পৰিয়াল ঘৰৰ সামগ্ৰী লৈ অন্য ঠাইত আশ্ৰয় গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বান-গৰাখহনীয়াত সৰ্বস্বান্ত হোৱাৰ পিছতো নামমাত্ৰ পৰিদৰ্শনৰ বাহিৰে চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিধি সকলে কোনো ধৰণৰ সাহাৰ্য্য আগবঢ়োৱা নাই বুলি ক্ষতিগ্ৰস্থ সকলে অভিযোগ কৰিছে। স্থানীয় বিধায়ক আব্দুল খালেকৰ তৎপৰতাত বানপানীৰ মাজতেই যুদ্ধকালীন ভাৱে গড়কাপ্তানি পথৰ ভঙা অংশ পুননিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা চলাই থকা হৈছে৷ অঞ্চলটোৰ বানাক্ৰান্তই অতি শীঘ্ৰে সাহাৰ্য্য প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।