আমিনগাঁও : কামৰূপ জিলাৰ চৰকাৰী চিকিৎসাৰ অন্যতম প্ৰতিষ্ঠান আমিনগাঁৱৰ তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত আয়ুৰ্বেদিক শল্য চিকিৎসাৰ বাবে এটা বহিঃবিভাগ সন্নিবিষ্ট ক্ষাৰ সূত্ৰ শল্য কৰ্ম কক্ষ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে উদ্বোধন কৰা এই কেন্দ্ৰটিত অৰ্শ, ভগন্দৰ আৰু ফিচাৰৰ চিকিৎসা কৰা হ’ব।

চিকিৎসা কেন্দ্ৰটি উদ্বোধন কৰি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এই ব্যৱস্থা কাৰ্যক্ষম কৰাৰ বাবে চিকিৎসা কৰ্তৃপক্ষৰ শলাগ লয় আৰু কেন্দ্ৰটি পৰিদৰ্শন কৰি ইয়াৰ জৰিয়তে আগবঢ়াবলগীয়া সেৱা পদ্ধতি সম্পৰ্কত বুজ লয়। কেন্দ্ৰটি উদ্বোধনৰ পিছতে সংবাদসেৱীসকলৰ সৈতে হোৱা বাৰ্তালাপত উপায়ুক্তগৰাকীয়ে ওপৰত উল্লেখিত ৰোগত আক্ৰান্ত জিলাখনৰ লোকসকলক এই সুবিধা গ্ৰহণ কৰি ৰোগমুক্ত হোৱাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনত চলি থকা নতুন অট্টালিকাটোৰ নিৰ্মাণ কাৰ্যৰো বুজ লয়। উদ্বোধনী অনুষ্ঠানত জিলাখনত কৰ্মৰত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুণীন্দ্ৰ দেৱ শৰ্মা, আয়ুসৰ কামৰূপৰ নডেল বিষয়া ডাঃ অৰবিন্দ দাসকে চিকিৎসা বিভাগৰ বিষয়া-কৰ্মচাৰী তথা চিকিৎসকসকল উপস্থিত থাকে।