জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন। বিশ্বনাথ নগৰত এক অত্যাধুনীক বিলাসী হোটেল মুকলি। অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা গুঞ্জন ভৰদ্বাজে আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰিলে বিলাসী হোটেলখন।

পৰ্যটন নগৰী বিশ্বনাথত এক নতুন সংযোজন। বিশ্বনাথলৈ অহা পৰ্যটক সকলৰ বাবে মুকলি কৰা হ’ল বিশ্বনাথ নগৰত এক অত্যাধুনিক বিলাসী হোটেল, ‘হোটেল পেৰাডাইজ’। দীর্ঘদিন ধৰি পৰ্যটন নগৰী বিশ্বনাথত এক বিলাসী হোটেলৰ অভাৱ পৰিলক্ষিত হৈ আছিল।

অৱশ্যে বিশ্বনাথত এনে বিলাসী হোটেল আছে যদিও সীমিত আসন থকাৰ বাবে বহু সময়ত পৰ্যাটক সকলে বিশ্বনাথৰ পৰা তেজপুৰলৈ উভতি যাব লগিয়া হয়। অসমীয়া চলচিত্ৰ জগত আৰু সৰু পৰ্দাৰ চিত্ৰগ্ৰহৰ লগতে গুপ্ত কাশী বিশ্বনাথ ঘাটত ভ্ৰমণ কৰিবলৈ বহু পৰ্যাটক আহে যদিও বিশ্বনাথত উপযুক্ত থকা ব্যৱস্থা নথকাৰ বাবেই বিভিন্ন সময়ত সমস্যাত পৰে পৰ্যটক সকল।

বিশ্বনাথৰ দীর্ঘদিনীয়া অভাৱ পূৰণ কৰিলে বিশ্বনাথৰ দুগৰাকী ব্যৱসায়ীয়ে। বিশ্বনাথ নগৰৰ মাজমজিয়াত মুকলি কৰা এই ‘হোটেল পেৰাডাইজ’ৰ ফিটা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা গুঞ্জন ভৰদ্বাজে।টিকাৰাম চেত্ৰী আৰু বিভা দাসৰ এই হোটেলখনৰ জৰিয়তে বিশ্বনাথৰ কেইবাজনো নিবনুৱা যুৱক- যুৱতীকৰ কৰ্ম সংস্থাপনৰ বাট মুকলি হৈছে।

‘হোটেল পেৰাডাইজ’ৰ স্বতাধিকাৰী দুগৰাকীও আশা কৰিছে যে এতিয়াৰে পৰা বিশ্বনাথত পৰ্যাটনৰ বাবে অহা লোক সকলে একে নিশাই বিশ্বনাথ এৰি যাব লগীয়া নহয়। পৰ্যাটকে বিচৰা ধৰণে সকলো সুবিধা এইখন হোটেলত প্ৰদান কৰিছে হোটেল কতৃপক্ষই। পৰ্যটক সকলৰ লগতে বিশ্বনাথৰ নিবনুৱা যুৱক-যুৱতী সকল এইখন হোটেলৰ জৰিয়তে উপকৃত হ’ব।