নিউজ ডেস্ক : ভাৰতৰ আগশাৰীৰ বহনক্ষম শক্তি প্ৰদানকাৰী তথা নবীকৰণযোগ্য শক্তি উৎপাদক, আজুৰ পাৱাৰে ৰাজ্যখনৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প হিচাপে চিহ্নিত ইয়াৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি ঘোষণা কৰিছে। ওদালগুৰি আৰু বকোত আজুৰ পাৱাৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে যুটীয়াভাৱে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ উদ্বোধন কৰে।

প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত শক্তি দীৰ্ঘম্যাদী ২৫ বছৰীয়া পিপিএ’ৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক যোগান ধৰা হ’ব। চাৰিখন জিলা ক্ৰমে ওদালগুৰি, বকো, নগাঁও, আৰু কাছাৰত বিস্তৃত এই প্ৰকল্পটো পৰ্যায়ক্ৰমে আৰম্ভ কৰা হৈছিল।উদ্বোধনী অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰি আজুৰ পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া হৰ্ষ শ্বাহে কয়,”অসমৰ ভিতৰতে সৰ্ববৃহৎ আমাৰ ৯০ মেগাৱাট সৌৰশক্তি প্ৰকল্প আৰম্ভ কৰাটো আমাৰ শক্তিশালী প্ৰকল্প বিকাশ আৰু কাৰ্যকৰী দক্ষতাৰ ইংগিত। প্ৰকল্পটোৱে স্বচ্ছ, সুলভ, লভ্য, আৰু সমতাপূৰ্ণ সৌৰ শক্তিৰ উপলব্ধতা বৃদ্ধি কৰি বহনক্ষম উন্নয়নৰ প্ৰতি থকা ৰাজ্যখনৰ দায়বদ্ধতাও প্ৰদৰ্শন কৰে”।

ৰাজ্যৰ বহনক্ষমতাৰ লক্ষ্য পূৰণৰ উপৰিও আমাৰ প্ৰকল্পটোৱে স্থানীয় জনসাধাৰণৰ বাবে চাকৰি, দক্ষতা বিকাশ, আৰু ৰাজহৰ সুযোগ প্ৰদান কৰি এক স্ব-নিৰ্ভৰশীল পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাত সহায় কৰিব বুলিও তেওঁ কয়। ইয়াৰ লগতে তেওঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, এপিডিচিএল আৰু সকলো স্থানীয় অংশীদাৰক তেওঁলোকৰ সহযোগিতা আৰু সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক, আইএএছ শ্ৰী ৰাকেশ কুমাৰে কয়,”পৰিষ্কাৰ আৰু সেউজ শক্তিৰ দিশত অসমৰ যাত্ৰাত আজুৰ শক্তিৰ অংশগ্ৰহণ প্ৰশংসনীয়”।

এপিডিচিএলে সমূহ গ্ৰাহকক নিৰৱচ্ছিন্ন, নিৰ্ভৰযোগ্য, সুলভ, নিৰাপদ, আৰু মানসম্পন্ন শক্তি যোগান ধৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পসমূহে গ্লাছগোত প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ সংকল্পক শক্তিশালী কৰে। এনে প্ৰচেষ্টাই মুখ্যমন্ত্ৰীয়ে কল্পনা কৰা অসমক দেশৰ অন্যতম শীৰ্ষ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব বুলিও তেওঁ নিজৰ ভাষণত কয়।